Advertisment

অশান্ত জৰ্জৰ মনিপুৰত ৰাজ্যপালৰ কঠোৰ নিৰ্দেশত জব্দ অত্যাধুনিক মাৰণাস্ত্ৰ

ৰাষ্ট্ৰপতি শাসন  বলবৎ হোৱাৰ পিছতে অবৈধ মাৰণাস্ত্ৰ সমুহ জমা দিবলৈ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই দহ দিন সময় বান্ধি দিয়াৰ পিছতে  প্ৰতিদিনে মনিপুৰৰ প্ৰায় সমুহ জিলাৰ থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অবৈধ মাৰণাস্ত্ৰ জমা দিছে অস্ত্ৰ মজুতকাৰীয়ে।‌

author-image
Asomiya Pratidin
New Update
অবৈধ মাৰণাস্ত্ৰ জব্দ

অবৈধ মাৰণাস্ত্ৰ জব্দ

ডিজিটেল সংবাদ, শিলচৰ:  অশান্তজৰ্জৰ মনিপুৰত ৰাষ্ট্ৰপতি শাসন  বলবৎ হোৱাৰ পিছতে জব্দ হৈছে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ।  সম্প্ৰতি অবৈধ মাৰণাস্ত্ৰৰে ভৰি পৰিছে মনিপুৰৰ  প্ৰতিখন জিলাৰ থানা। ৰাষ্ট্ৰপতি শাসন  বলবৎ হোৱাৰ পিছতে অবৈধ মাৰণাস্ত্ৰ সমুহ জমা দিবলৈ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই দহ দিন সময় বান্ধি দিয়াৰ পিছতে  প্ৰতিদিনে মনিপুৰৰ প্ৰায় সমুহ জিলাৰ থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অবৈধ মাৰণাস্ত্ৰ জমা দিছে অস্ত্ৰ মজুতকাৰীয়ে।‌ একাংশই অসম ৰাইফলছৰ ওচৰতো জমা দিছে অবৈধ মাৰণাস্ত্ৰ। এক কথাত আৰক্ষী থানাসমূহত মাৰণাস্ত্ৰ থবলৈ ঠাই নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে। কঠোৰ নিৰ্দেশৰ পিচতেই  প্ৰতিদিনে শ শ  বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ, গুলি, বিস্ফোৰণ আদি স্বেচ্ছাই প্ৰশাসনৰ ওচৰত জমা দিছে অস্ত্ৰমজুত ৰখা  বিভিন্ন সংগঠন আৰু অন্যান্য লোকসকলে।  

Advertisment

বৃহস্পতিবাৰেও  মনিপুৰৰ  পশ্চিম ইম্ফল, পূৱ ইম্ফল, থৌবাল, চূৰাচানন্দপুৰ, বিষ্ণুপুৰ আৰু কাংকপি আৰু  কাকচিং জিলাৰ আৰক্ষীৰ ওচৰত বুজণ সংখ্যক অস্ত্ৰ শস্ত্ৰ জমা দিয়া হয়। আটাইকেইখন জিলাত এছ এল আৰ , আই এন এছ এ এছ, একে ৪৭, এল এম জি, এছ বি বি এল, এছ এম জি  কাৰ্বাইন, হেণ্ড গ্ৰেণেড, ৰাইফল, পিস্তল‌ সহ বিভিন্ন ধৰণৰ কেইবা শ অত্যাধুনিক মাৰণাস্ত্ৰ জমা দিয়ে জনসাধাৰণে।  এই মাৰণাস্ত্ৰ সমুহৰ উপৰি, দেশ বিদেশত নিৰ্মিত বিভিন্ন পিস্তল, ৰাইফলৰ কেইবা শ সজীৱ গুলি, মেগজিন , হেণ্ড গ্ৰেণেড,মৰ্টাৰ, বোমা,  আই ই ডি ৰকেট লঞ্চাৰৰ লগতে  কেইবাটাও বাইনোকুলাৰ, ডিটনেটৰ, টিয়েৰ গেছ চেল, বুলেট প্ৰুফ হেলমেট, ওৱাটকি, বিস্ফোৰক সেনা পোছাকসহ অসংখ্য আপত্তিজনক সামগ্ৰী জমা দিয়ে।

Silchar manipur manipur govt manipur conflict