/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/fc864937-788d-4174-9b06-de12da0f3d35/19.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে। মণিপুৰৰ কাঙপকপি আৰু ননৈ জিলাত পৃথক অভিযান চলাই বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ জব্দ কৰে অসম ৰাইফলছ আৰু আৰক্ষীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3cc51d3c-b044-4637-849e-9bc0feb19cd5/3daa4feb-afb0-4c91-8893-dcba4b076ba3.jpg)
নিৰাপত্তা বাহিনীয়ে কাঙপকপি জিলাৰ পাহাৰীয়া এলেকাত অভিযান চলাই ১ টা AK 47 ৰাইফল, ১টা চেভেন পইন্ট ছিক্স টু পিস্তল, ১টা 9 mm কাৰ্বাইন, ২টা 9 mm পিস্তল ১টা 4 mm পিস্তল, ২টা IED সহ অন্যান্য বিষ্ফোৰক সামগ্ৰী জব্দ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4435c9d8-ba77-4fc0-a1a0-2ee2aaa9e9ac/c280f750-b9d2-4610-ac68-5642d2297a56.jpg)
আনহাতে, ননৈ জিলাৰ নুংবা এলেকাত চলোৱা অভিযানত নিৰাপত্তা বাহিনীয়ে মেগাজিনৰ সৈতে দুটা কাৰ্বাইন মেচিন গান, মেগজিনৰ সৈতে দুটা নাইন এম এম পিষ্টল, ৩ টা পইন্ট থ্ৰি টু এম এম পিষ্টল আৰু মেগাজিন, এটা ৰিভলভাৰ, এটা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড সহ যথেষ্ট সংখ্যক বিষ্ফোৰক আৰু অন্যান্য আপত্তি জনক সামগ্ৰী জব্দ কৰে।
Also Read: ৰঙিয়াত পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগণনা