/asomiyapratidin/media/media_files/2025/03/12/PVKeRO4HyhkAoHFU2iyX.jpg)
চিৰাঙৰ আমগুৰীত পুতি থোৱা অৱস্থাত মাৰণাস্ত্ৰ উদ্ধাৰ
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ আমগুৰী থানাৰ অন্তৰ্গত পৰ্বতঝোৰা মাক্ৰা নৈৰ পাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ। এক গোপন সুত্ৰৰ পোম খেদি মঙলবাৰে নিশা বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰসেনজিৎ দাস আৰু আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পংকজ দলেৰ নেতৃত্বত অভিযান চলাই মাক্ৰা নৈৰপাৰত জংঘলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে মাৰণাস্ত্ৰখিনি।
উল্লেখযোগ্য যে এই অভিযানত এটা ৭.৬৫ এম এম পিষ্টল, এটা মেগজিন আৰু দুই সজীৱ জাঁই গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনা সংক্ৰান্তত কোনো লোকক আটক কৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us