/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/069b186a-3e2a-4be1-b55b-00f065cb4e57/BEER_22.jpg)
'আমাক বীয়েৰ লাগে, বীয়েৰ দিয়ক'- বিশ্বকাপৰ মেচত প্ৰতিবাদ !
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে কোনো এখন ইছলামিক ৰাষ্ট্ৰত অনুষ্ঠিত হৈছে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। মৰুৰ দেশ কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপক কেন্দ্ৰ কৰি বিতৰ্কৰ অন্ত নাই।
ফিফাক ঘোচ দি বিশ্বকাপ অনুষ্ঠিত কৰাৰ স্বত্ব লাভ কৰা বুলি অভিযোগত অভিযুক্ত কাটাৰে ইয়াৰ পৰৱৰ্তী সময়ত বিতৰ্কৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে। বিশ্বকাপৰ আৰম্ভণিৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে কাটাৰে বীয়েৰ তথা সকলোধৰণৰ সুৰা নিষিদ্ধ কৰিছে।
আয়োজক কাটাৰৰ এই সিদ্ধান্তই দেশখনলৈ আগমণ ঘটা ফুটবল প্ৰেমিসকলক ক্ষুদ্ধ কৰি তুলিছে। যাৰ পৰিণতিত ষ্টেডিয়ামৰ ভিতৰত ফুটবল অনুৰাগীয়ে বীয়েৰ বিচাৰি এক প্ৰকাৰৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে।
বিশ্বকাপৰ উদ্বোধনী মেচ আয়োজক কাটাৰ আৰু ইকুৱেডৰৰ মাজত অনুষ্ঠিত হৈছিল। এই মেচৰ মাজতে ষ্টেডিয়ামত উপস্থিত থকা হাজাৰ হাজাৰ দৰ্শকে আমাক বীয়েৰ লাগে, বীয়েৰ দিয়ক বুলি চিঞঁৰিবলৈ আৰম্ভ কৰে।
ফুটবল অনুৰাগীসকলৰ এই চিঞঁৰত বিশ্ববাসীৰ ওচৰত তীব্ৰ অস্বস্তিত পৰে আয়োজক কাটাৰ। সেই সময়ত ষ্টেডিয়ামৰ গেলাৰীত উপস্থিত আছিল ফিফাৰ শীৰ্ষ বিষয়াৰ লগতে বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰনেতা তথা অভ্যাগত।
উল্লেখ্যে যে, কাটাৰে বিশ্ব ফুটবল অনুৰাগীসকলক কাটাৰলৈ স্বাগতম জনাই কৈছে যে, যিহেতু কাটাৰ ইছলামিক ৰাষ্ট্ৰ গতিকে ইয়াৰ নীতি-নিয়মসমূহ সকলোৱে শ্ৰদ্ধা জনাই পালন কিৰব লাগে। মন কৰিবলীয়া যে কাটাৰৰ প্ৰতিখন ফুটবল মেচলৈ ৰাজপৰিয়ালৰ আগমণ ঘটিছে।
যাৰ বাবে আয়োজকে ষ্টেডিয়ামত সুৰা নিষিদ্ধ কৰিবলৈ বাধ্য হৈছে। পৰিণতিত এতিয়া ষ্টেডিয়ামত ফুটবল অনুৰাগীয়ে বীয়েৰ বিচাৰি একপ্ৰকাৰৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। এতিয়া সময়েহে ক’ব ফুটবল অনুৰাগীৰ এনে দাবী আয়োজক কাটাৰে মানি লয়নে নলয়।
ক্লিক কৰি পঢ়কঃকলিয়াবৰৰ পিছত তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ২ জন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us