লখিমপুৰ জলসম্পদৰ ২কৰ্মচাৰী দুর্নীতি নিবাৰকৰ জালত...

দুৰ্নীতি নিবাৰক শাখাই দুয়োগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি কাৰ্যালয়ৰ ভিতৰত লৈ গৈ নিৰাপত্তা বাহিনীৰ কঠোৰ বেষ্টনীৰ মাজত বিভাগীয় নথিপত্ৰ পৰীক্ষা চলাই
দুর্নীতি নিবাৰকৰ জালত জলসম্পদৰ ২কৰ্মচাৰী
দুর্নীতি নিবাৰকৰ জালত জলসম্পদৰ ২কৰ্মচাৰী

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ জলসম্পদ বিভাগৰ লখিমপুৰ সংমণ্ডলৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰী শুক্ৰবাৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ।জানিব পৰা মতে, এগৰাকী দাস উপাধিৰ ব্যক্তিৰ পৰা বিভাগীয় ঠিকাদাৰৰ পঞ্জীয়ন  কৰাৰ বিপৰীতে উৎকোচ লোৱাৰ  সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে বিভাগটোৰ  মুখ্য সহায়ক তৰুণ চন্দ্ৰ মৰাং আৰু নিম্ন বৰ্গৰ সহায়ক সমৰ জ্যোতি  শইকীয়াক ।

উল্লেখ্য যে, পূৰ্বেও লখিমপুৰৰ ব্যক্তি এগৰাকীক বিভাগীয় পঞ্জীয়ন কৰি দিয়াৰ বাবদ উক্ত দুগৰাকী বেতনভোগী কৰ্মচাৰীয়ে উৎকোচ দাবী কৰি ব্যক্তি গৰাকীক হাৰাশাস্তি কৰিছিল। জলসম্পদ বিভাগটোৰ মজিয়াত চলা ঠিকাদাৰৰ পঞ্জীয়নৰ বেলিকা এটা চক্ৰই দীৰ্ঘদিন ধৰি লুণ্ঠন চলাই অহাৰ অভিযোগ অতি পুৰণি ।

এমাহ মান পূৰ্বে বিভাগটোৰ এগৰাকী দাস উপাধিৰ কৰ্মচাৰীয়ে একে কাৰণতে গোপন লেনদেন কৰি অধীক্ষক অভিযন্তা সমীৰণ ডেকাৰ স্বাক্ষৰ জালিয়াতিৰে এগৰাকী ব্যক্তিৰ নাম  বিভাগৰ মুখ্য অভিযন্তা কাৰ্যালয়লৈ বিধি বৰ্হিভূতভাৱে প্ৰেৰণ কৰি পঞ্জীয়ন কৰাৰ নিৰ্লজ্জ প্ৰক্ৰিয়া সম্পন্ন কৰিছিল। বিভাগৰ তদন্তত পৰৱৰ্তী সময়ত এইজন চতুৰ কৰ্মচাৰীৰ নিকৃষ্ট কাণ্ড ধৰা পৰিছিল । এই গৰাকী চৰকাৰী কৰ্মচাৰীক এনে নিকৃষ্ট মানসিকতাৰ বাবে বিভাগীয় দায়িত্ব কৰ্তন কৰিছিল অধীক্ষক অভিযন্তা ডেকাই ।

সম্প্ৰতি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ শাস্তিমূলক বদলি কৰা উক্ত চতুৰ কৰ্মচাৰী গৰাকীৰ পাছত পুনৰ একে কাৰণতে দুজনকৈ ঘোচখোৰ কৰ্মচাৰী  গ্ৰেপ্তাৰ হোৱাত এটা শীর্ষ পৰ্যায়ৰ চৰকাৰী বিভাগত সেৱা আগবঢ়োৱাৰ নামত চলি থকা বেহাৰ ধাৰাবাহিকতা ফাদিল হয় ।

অন্য়হাতে পূৰ্বতে বিভাগটোৰ পৰা নিজৰ কুকৰ্মৰ বাবে বদলি হোৱা কৰ্মচাৰী গৰাকীৰ পৃষ্ঠপোষকতা আৰু প্ৰতিশোধ পৰায়ণতাৰ বাবে  দুজনকৈ বিভাগীয় কৰ্মচাৰীয়ে দুৰ্নীতি নিবাৰক শাখাৰ জালত বন্দী হোৱা বুলি বিভাগটোৰ ভিতৰে বাহিৰে ব্যাপক চৰ্চা চলিছে। 

জানিব পৰা মতে, দুৰ্নীতি নিবাৰক শাখাই দুয়োগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি কাৰ্যালয়ৰ ভিতৰত লৈ গৈ নিৰাপত্তা বাহিনীৰ কঠোৰ বেষ্টনীৰ মাজত বিভাগীয় নথিপত্ৰ পৰীক্ষা চলাই । সমান্তৰালভাৱে দুয়োগৰাকী ধৃত কৰ্মচাৰীৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাই তালাচী চলায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in