/asomiyapratidin/media/media_files/2025/01/19/9qtmSithOVzNY31zQppt.jpg)
ঢকুৱাখনাৰ অস্তিত্বৰ সুৰক্ষাৰ প্ৰতি উদাসীন স্থিতি জলসম্পদ বিভাগৰ
ডিজিটেল সংবাদ, ঢকুৱাখনা : এক ভয়ানক সংকট আৰু বিপর্যয়ৰ দিশে গতি কৰিছে ঢকুৱাখনাই । ঢকুৱাখনাৰ ভৌগলিক অস্তিত্বৰ প্ৰতি ভয়ংকৰ ভাবুকি নামি অহাৰ পথ প্ৰশস্ত হৈছে অনাগত বান বাৰিষাৰ কালত ।
ঢকুৱাখনাৰ অস্তিত্বৰ সুৰক্ষাৰ প্ৰতি উদাসীন আৰু বেপৰোৱা স্থিতি লৈ অহা জলসম্পদ বিভাগ আৰু ঢকুৱাখনাৰ বিধায়ক নৱ দলেৰ নির্লজ ল’ৰা-ধেমালিৰ বাবেই আগন্তুক বাৰিষা কালছোৱা মহা বিপর্যয়ৰ সন্মুখীন হ’ব লাগিব ঢকুৱাখনাবাসীৰ লগতে মাজুলীবাসী । চিচি টেকেলিফুটা মথাউৰী বনাম পথৰ নাতি দূৰৈত উদ্ভৱ হোৱা ভয়ংকৰ খহনীয়া প্ৰত্যক্ষ কৰি এনে আশংকাই গাঢ় হৈছে ।
জলসম্পদৰ মুখ্য অভিযন্তা, অতিৰিক্ত মুখ্য অভিযন্তা, বিভাগীয় শীর্ষ বিষয়াৰ লগতে জন প্ৰতিনিধিৰ সদিচ্ছাহীনতাৰ বাবেই ইতিমধ্যে মথাউৰিটোৰ সুৰক্ষাৰ হেতু গ্ৰহণ কৰা কোটি টকা ব্যয় সাপেক্ষ আঁচনি উচন যোৱাৰ সমান্তৰালভাৱে বিস্তৰ ভূখণ্ড নিশ্চিহ্ন হোৱা দৃষ্টিগোচৰ হৈছে । কেৱল ঢকুৱাখনাৰ প্ৰতিয়ে নহয়, নদীদ্বীপ মাজুলীৰ প্ৰতি ভাবুকি মাতি অনা স্পৰ্শকাতৰ সমস্যাটো হৈছে ব্ৰহ্মপুত্ৰৰ ধাৰাবাহিক গৰাখহনীয়া ।
শেহতীয়াভাৱে ব্ৰহ্মপুত্ৰই ঢকুৱাখনা - মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ চিচি- টেকেলিফুটা মথাউৰী আৰু পথৰ বাঘচুক অংশত শিহৰণকাৰী গৰাখহনীয়া চলাই জনজীৱন সন্ত্ৰষ্ট কৰি আহিছে । ব্ৰহ্মপুত্ৰই মাতমৰাৰ বাঘচুক গাঁৱৰ সমীপৰ চেক বান্ধটোৰ মূৰ অংশৰ লগতে উজনি আৰু নামনি অংশৰ বিশাল এলেকা ইতিমধ্যে খহাই নি ভয়ংকৰ বিপদৰ আগজাননী দি আহিছে ।
এই চেক বান্ধটোৰ উজনি আৰু নামনি অংশত হোৱা খহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে এক বৃহৎ গৰাখহনীয়া আঁচনি গ্ৰহণ কৰি ৰূপায়ন কৰিছিল । অত্যাধুনিক জীঅ’ বেগ , জীঅ’ এপ্ৰ'ন আৰু পৰ্কিউপাইন সংস্থাপন কৰি ব্ৰহ্মপুত্ৰৰ আগ্ৰাসন ৰোধৰ চেষ্টা চলাইছিল ।
/asomiyapratidin/media/media_files/2025/01/19/VHEodpQiyhZ9cfyqBfW3.jpg)
পিছে অপৰিকল্পিতভাৱে স্থাপন কৰা এই সমূহ জীঅ’ বেগ , জীঅ’ এপ্ৰ'ন আৰু পৰ্কিউপাইনৰ বহু অংশ এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত লীন গ’ল । এনে শিহৰণকাৰী খহনীয়া অব্যাহত থাকিলে বাঘচুক স্পাৰটোৱে অনাগত বাৰিষাৰ পূর্বে ব্ৰহ্মপুত্ৰত জাহ যাব ।
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ আৰ্থিক সাহায্যৰে বান্দেনাত নদীখনৰ গতি সলনি কৰাৰ এক ফলপ্ৰসু আঁচনি লৈকো প্ৰত্যাহ্বান নমাই বাঘচুকত ব্ৰহ্মপুত্ৰই মথাউৰী দিশে অগ্ৰসৰ হৈ অব্যাহত ৰাখিছে ভয়ানক খহনীয়া । গৰ্ভস্থ কৰিছে জলসম্পদৰ আঁচনিৰ বিশাল অংশ ।
যাৰ পৰিপ্ৰেক্ষিতত জলসম্পদ বিভাগৰ কোটিটকীয়া প্ৰতিৰোধ আঁচনিৰ বৃহৎ অংশ এতিয়া নদীৰ বুকুত জাহ যোৱাই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা মাজুলী ডিব্ৰুগড় সংযোগী চমু মথাউৰী-পথলৈ নামি আহিছে ভয়াৱহ বিপর্যয় । উল্লেখযোগ্য যে বৃহৎ পৰিমাণৰ জীঅ’ বেগ , পৰ্কিউপাইন ইতিমধ্যে উটি গৈছে ব্ৰহ্মপুত্ৰৰ সংহাৰী খহনীয়াত । ব্ৰহ্মপুত্ৰ ক্ৰমাৎ কাষ চাপি আহিছে মথাউৰী দিশে ।
নিৰবিচ্চিন্ন হাৰত এই শিহৰণকাৰী খহনীয়া অব্যাহত থকাৰ পাছতো নীৰৱ নিস্তব্ধ বিয়াগোম জলসম্পদ বিভাগ । ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই দুবাৰকৈ মথাউৰীত উপস্থিত হৈ মুখ্য অভিযন্তাই এবাৰকৈ মথাউৰীৰ দুৰৱস্থা প্ৰত্যক্ষ কৰি এক অভিলাসী প্ৰতিৰোধ আঁচনি গ্ৰহণৰ কথা ঘোষণা কৰিছিল ৰাজহুৱাভাৱে।
পিছে এই আঁচনিৰ মুখ নেদেখিলে ঢকুৱাখনাবাসীয়ে । বিধায়ক নৱ দলেও এই স্পৰ্শকাতৰ বিষয়ত খৰালিৰ কালছোৱাত গ্ৰহণ কৰিলে মুকবধিৰৰ ভূমিকা । জনস্বাৰ্থৰ দিশটো একাষৰীয়া কৰি প্ৰতাৰণাৰ এক অধ্যায় সূচনা কৰা এনেবোৰ মিথ্যাচায়ী ৰাজনৈতিক শক্তিহীন ৰাজনীতিকৰ বাবেই পুনৰ অশনি সংকেত নামি আহিছে ঢকুৱাখনাবাসীলৈ ।
/asomiyapratidin/media/media_files/2025/01/19/667TwjxhaM5iPLm4MlUf.jpg)
ইতিমধ্যে শতাধিক জীঅ’ বেগ আৰু পৰ্কিউপাইন উটি যোৱাৰ পাছতো ঢকুৱাখনা জলসম্পদ বিভাগৰ মৰটোপনি ভগা নাই । খৰালিতে এই খহনীয়া বিধ্বস্ত এলেকা মেৰামতি অথবা খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰি হাত সাৱটি বহি বাৰিষাৰ সুবৰ্ণ সুযোগৰ অপেক্ষাত আছে ঢকুৱাখনা জলসম্পদ বিভাগ ।
উল্লেখ্য যে ঢকুৱাখনাৰ তিনি মিচিং জাতীয় সংগঠনৰ উদ্যোগত বৰবিলৰ পৰা বাঘচুক পৰ্যন্ত প্ৰাকৃতিকভাৱে খহনীয়া প্ৰতিৰোধৰ বাবে নদী পাৰৰ বিস্তৰ এলেকাত ৰোপণ কৰা খহনীয়া প্ৰতিৰোধী গছ আৰু ভূখণ্ড এতিয়া ব্ৰহ্মপুত্ৰৰ গৰ্ভত নিমৰ্জিত । ঢকুৱাখনা জিলা মিচিং জাতীয় সংগঠনসমূহে শনিবাৰে এই বিস্তৰ এলেকা পৰিভ্ৰমণ কৰি খহনীয়াৰ তাণ্ডৱ দেখি শিহৰিত হয় ।
সংগঠনসমূহে তাৎক্ষণিকভাৱে এই স্পৰ্শকাতৰ অংশ সমূহৰ মেৰামতিৰ দাবী কৰিছে । নদীপৰিয়াৰ টোপনি হৰা এই ভয়ংকৰ খহনীয়াৰ ক্ষীপ্ৰ প্ৰতিৰোধ অন্যথাই অনাগত বাৰিষা সময়ত এক অকল্পনীয় পৰিস্থিতিৰ ঢকুৱাখনা আৰু মাজুলীবাসী সন্মুখীন হোৱাটো প্ৰায় নিশ্চিত ।