প্ৰধানমন্ত্ৰীৰ কান্ধত মুৰ থৈ হুকহুকাই কান্দিলে ইছৰ’ৰ অধ্যক্ষই, VIDEO

প্ৰধানমন্ত্ৰীৰ কান্ধত মুৰ থৈ হুকহুকাই কান্দিলে ইছৰ’ৰ অধ্যক্ষই, VIDEO

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ কান্ধত মুৰ থৈ হুকহুকাই কান্দিলে ইছৰ’ৰ অধ্যক্ষই, VIDEO

ডিজিটেল ডেস্কঃ বাংগালুৰুস্থিত ইছৰ'ৰ মুখ্য কাৰ্যালয়ত শনিবাৰে পুৱা উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে ইছৰ' বিজ্ঞানীসকলক। তাৰ পৰাই প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে দেশবাসীক। দেশবাসীক সম্বোধন কৰিয়ে কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়ত প্ৰধানমন্ত্ৰীৰ সন্মুখত আবেগিক হৈ পৰে ইছৰ'ৰ অধ্যক্ষ কে শিৱন।

Advertisment

কে শিৱনে প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখত আবেগিক হৈ পৰা দেখি মোডীয়ে তেওঁক সাবটি ধৰি পিঠিত হাত বুলাই সাহস দিয়ে। উল্লেখ্য যে, লেণ্ডাৰ বিক্ৰম চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ মাত্ৰ ২.১ কিলোমিটাৰ বাকী থকাৰ সময়তে ইছৰ'ৰ কন্ট্ৰল ৰুমৰ সৈতে সংযোগ বিচ্ছিন্ন হয়।

১.১৫ বজাৰ পৰা আৰম্ভ হোৱা এই জটিল প্ৰক্ৰিয়াৰ ২৬.০১ মিনিটৰ পাছতে বিচ্ছিন্ন হৈছিল এই সংযোগ। ইয়াৰ পাছতে ইছৰ'ৰ অধ্যক্ষ কে শিৱনে ৰাজহুৱা ভাৱে ঘোষণা কৰিছিল যে, লেণ্ডাৰ বিক্ৰমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছে। এই খবৰ পাইয়ো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিশাই ইছৰ'ৰ সকলো বিজ্ঞানীৰ সাহস প্ৰদান কৰি ভাগি নপৰিবলৈ আহ্বান জনাইছিল।


— ANI (@ANI) September 7, 2019