যুদ্ধকালীন প্ৰস্তুতিঃ কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী...

যুদ্ধকালীন প্ৰস্তুতিঃ  কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী...
যুদ্ধকালীন প্ৰস্তুতিঃ কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী...

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী ৷ প্ৰধানমন্ত্ৰীক আদৰাৰ বাবে যুদ্ধকালীন প্ৰস্তুতি মন্ত্ৰী আমোলা বিষয়াৰ ৷ প্ৰধানমন্ত্ৰী গৰাকী কাজিৰঙাত উপস্থিত হোৱাৰ সময়ত যাতে এক সুন্দৰ তথা সুশৃঙ্খল পৰিৱেশ অটুত থাকে তাৰে পৰিকল্পনাত ব্যস্ত হৈ পৰিছে মন্ত্ৰী আমোলা সকল ৷উল্লেখযোগ্য যে অহা ৮ মাৰ্চৰ নিশা কাজিৰঙাত উপস্থিত হৈ কাজিৰঙাৰ আৰক্ষী অতিথিশালাত নৈশ যাপন কৰিব প্ৰধান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷পাছদিনা অৰ্থাত ৯ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে দৰ্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চল ৷

প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে নৰূপত সজাইপৰাই তোলা হৈছে কহঁৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখৰ চৌপাশ ৷ পুৰণা আচবাব সলাই লগোৱা হৈছে নতুন আচবাব ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ অহা প্ৰধানমন্ত্ৰীক আদৰিবলৈ প্ৰৱেশ পথচোৱাক সুন্দৰ ৰূপত উপস্থাপন কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ প্ৰধানমন্ত্ৰীৰ বাবে হাতীছাফাৰী আৰু জীপছাফাৰী দুয়োটাৰে ব্যৱস্থা ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনৰ টুৰিষ্ট ট্ৰেক মেৰামতি কৰাৰ লগতে আটকধুনীয়া কৰা হৈছে এলিফেণ্ট টাৱাৰ ৷

মঙলবাৰে পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু কৃষিমন্ত্ৰী অতুল বৰা কাজিৰঙাত উপস্থিত হৈ তদাৰক কৰে প্ৰস্তোতি পৰ্ব ৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই মন্তব্য কৰে যে প্ৰধানমন্ত্ৰী কাজিৰঙালৈ অহাতো অসমবাসীৰ বাবে গৌৰৱৰ বিষয় ৷ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমনে কাজিৰঙাৰ পৰ্যটনৰ প্ৰসাৰতা বৃদ্ধি কৰিব ৷ বিশ্বদৰবাৰত কাজিৰঙাৰ পৰ্যটনে এক নতুন মাত্ৰা লাভ কৰিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in