/asomiyapratidin/media/media_files/2025/04/30/AWX3iqPLXQjKKvJOKiOD.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ সৈতে ফেপেৰি পাতি লোৱা পাকিস্তানৰ অৱস্থা এতিয়া তথৈবচ। ঘৰৰ সলনি সেনা চাউনীতে পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে দিন-ৰাতি একাকাৰ কৰি ইখনৰ পাছত সিখন বৈঠকত অনুষ্ঠিত কৰিছে। এনে খবৰবোৰ চোৰাংচোৱা খবৰৰ ভিত্তিত প্ৰকাশিত হৈ থকাৰ সময়তে আহিছে আন এক খবৰ।
চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত প্ৰকাশিত খবৰ অনুসৰি, পাক প্ৰধাননন্ত্ৰী গৰাকী যোৱা ২৭এপ্ৰিলৰ পৰা অসুস্থ হৈ সেনা চাউনীৰ হস্পাতালতে দিন পাৰ কৰিছে। যাৰ ফলত দেশখনৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ বৈঠক এতিয়া সেনা চাউনীতে অনুষ্ঠিতে অনুষ্ঠিত হৈছে।
যোৱা ২৭এপ্ৰিলত লঘু ৰোগত আক্ৰান্ত হৈ হস্পাতালত ভৰ্তি হোৱা পাক প্ৰধানমন্ত্ৰীগৰাকীৰ অসুস্থতা দিনক দিনে বাঢ়িছেহে। এফালে শাৰিৰিক অসুস্থতা আৰু আনফালে ভাৰতৰ পৰা ভিন্ন ধৰণে পোৱা অত্যাধিক চাপে অধিক ৰুগীয়া কৰিছে পাক প্ৰধানমন্ত্ৰীগৰাকীক।
আনহাতে পাক প্ৰধানমন্ত্ৰীগৰাকী অসুস্থতাৰ খবৰ গোপনকৈ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছিল সকলোকে। অসুস্থতাৰ এই খবৰ গোপন ৰাখিবলৈ হাজাৰবাৰ চেষ্টা কৰাৰ পাছতো পোহৰলৈ আহিছল পাক প্ৰধানমন্ত্ৰীৰ এই খবৰটো। হস্পাতালৰ ফালৰ পৰা জাৰি কৰা এক বিশেষ জাননীত কোৱা হৈছে যে, পাক প্ৰধানমন্ত্ৰী গৰাকী অৰ্শ ৰোগত আক্ৰান্ত হোৱাৰ লগতে মানসিক চিন্তাৰ বাবে অন্য ভিন্ন ৰোগৰ লক্ষণেও দেখা দিছে।
উল্লেখ কৰা প্ৰয়োজন যে, কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত পাক প্ৰধানমন্ত্ৰীগৰাকীৰ এই অসুস্থতাৰ খবৰ প্ৰকাশ পালেও শেহতীয়াকৈ পাকিস্তানৰ সংবাদমাধ্যমে নস্যাত কৰিছে এই তথ্য। অৱশ্যে পাক চৰকাৰৰ তৰফৰ পৰা এই বাতৰিক লৈ এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া নাই।