মধ্য প্ৰাচ্যত আকৌ বাজিছে যুদ্ধৰ দামামা...

মধ্য প্ৰাচ্যত আকৌ বাজিছে

author-image
Dimpul Borgohain
New Update
মধ্য প্ৰাচ্যত আকৌ বাজিছে যুদ্ধৰ দামামা...

ডিজিটেল ডেস্কঃ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সতৰ্কবাণীৰ পিছত ইৰানে বন্ধ কৰি দিলে নিজৰ আকাশমাৰ্গ। বৃহস্পতিবাৰে পুৱালৈকে আৰোপ কৰা এই নিষেধাজ্ঞাৰ সময়ত ইৰানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিব নোৱাৰিব কোনো সামৰিক বা ব্যক্তিগত বিমান। উল্লেখ্য যে, যোৱা ২৩ ছেপ্টেম্বৰত ইজৰাইল সেনাই লেবাননৰ দক্ষিণ প্ৰান্তত ৰকেট আক্ৰমণ চলাইছিল।

Advertisment

লেবাননত সংঘটিত ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণত ইতিমধ্যে প্ৰতিদিনে বৃদ্ধি পাইছে নিহতৰ সংখ্যা। ইফালে, ২৭ ছেপ্টেম্বৰত লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণে থকা দহিয়া অঞ্চলত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছিল হিজবুল্লাহৰ নেতা ছৈয়দ হাছান নছৰল্লাহ। তাৰ পিছৰে পৰা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে উত্তেজনা। নছৰল্লাহৰ মৃত্যুৰ পিছত ইৰানে প্ৰত্যাক্ৰমণৰ প্ৰস্তুতি চলাইছিল। মঙলবাৰে ইজৰাইল বাহিনীয়ে লেবাননত প্ৰৱেশ কৰি আক্ৰমণৰ পৰিকল্পনা কৰাৰ সময়তে ইৰাণৰ বাহিনীয়ে টেল আভিভত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে।

তেওঁলোকে দাবী কৰে যে তেওঁলোকে প্ৰায় ২০০টা মিছাইল নিক্ষেপ কৰিছে। অৱশ্যে ইজৰাইল সেনাই এই আক্ৰমণক প্ৰতিহত কৰে। ইয়াৰ পিছতে মঙলবাৰে নিশা নেতানিয়াহুৱে জৰুৰীকালীন কেবিনেট বৈঠক আহ্বান কৰে। ইয়াৰ পিছত ইৰাণক সকীয়াই দি তেওঁ কয় যে ইৰানে আক্ৰমণ কৰি সঠিক কাম কৰা নাই। ইয়াৰ পৰিণাম তেওঁলোকে ভোগ কৰিব লাগিব। তেহৰানে প্ৰত্যুত্তৰ দি কয় যে যদি ইজৰাইলে প্ৰতিশোধৰ বাবে আক্ৰমণ কৰে তেন্তে তেওঁলোকে মনে মনে বহি নাথাকে। ইয়াৰ মাজতে আমেৰিকাই ইজৰাইলৰ কাষত থিয় দি ইৰাণৰ আক্ৰমণক গৰিহণা দিয়ে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে সকলো ধৰণৰ সহায়ৰো আশ্বাস দিছে। এই পৰিস্থিতিত ইৰাণে আমেৰিকাক আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিল। সেই দেশৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে কয় যে তেওঁলোকে কোনো ধৰণৰ হস্তক্ষেপ সহ্য নকৰে। আনহাতে পশ্চিম এছিয়াৰ নিৰাপত্তা পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতেও। শান্তিৰ বাৰ্তা দি এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নতুন দিল্লীয়ে। এই সন্দৰ্ভত বুধবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে।

এই বিবৃতিত সকলো পক্ষকে সংযম বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ভাৰতে। বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত কয়, ''পশ্চিম এছিয়াত ক্ৰমবৰ্ধমান নিৰাপত্তা সংকটক লৈ আমি গভীৰভাৱে উদ্বিগ্ন। সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত সংযম বজাই ৰাখিবলৈ সংশ্লিষ্ট সকলো পক্ষকে অনুৰোধ জনালোঁ। এই সংঘাত বৃহত্তৰ এলেকালৈ যাতে বিয়পি নপৰে, সেয়া লক্ষ্য কৰিব লাগিব। আমি অনুৰোধ কৰিছো যে সকলো সমস্যা আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমাধান কৰা হওক।''

মধ্য প্ৰাচ্য