আমেৰিকাৰ স্পষ্ট বাৰ্তাঃ যুদ্ধত আমি কাৰো সৈতে নাথাকো...

ভাৰত বা পাকিস্তান, প্ৰত্যক্ষ যুদ্ধত কাৰোৰে সৈতে নাথাকে আমেৰিকা। এই স্পষ্ট বাৰ্তা দিলে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতিয়ে। আমেৰিকাৰ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, যুদ্ধৰ সৈতে আমি কাৰোৰে সৈতে নাথাকো।

New Update
yudha

ডিজিটেল ডেস্কঃ ভাৰত বা পাকিস্তান, প্ৰত্যক্ষ যুদ্ধত কাৰোৰে সৈতে নাথাকে আমেৰিকা। এই স্পষ্ট বাৰ্তা দিলে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতিয়ে। আমেৰিকাৰ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, যুদ্ধৰ সৈতে আমি কাৰোৰে সৈতে নাথাকো। কিন্তু আমি এই পৰিস্থিতি উপশম ঘটোৱাৰ প্ৰচেষ্টা নিশ্চিতভাৱে কৰিম। কূটনৈতিক দিশৰ প্ৰতি লক্ষ্য ৰাখি আমি এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিম।

Advertisment

উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ যুদ্ধ অব্যাহত থকাৰ মাজতে যোৱা বৃহস্পতিবাৰে আমেৰিকাই পাকিস্তানক পুনৰ আক্ৰমণ নকৰিবলৈ সকিয়নী প্ৰদান কৰিছিল। লগতে দুয়োখন দেশৰ মাজত শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছিল। এই আহ্বানৰ এদিনৰ পাছতে আমেৰিকাই গ্ৰহণ কৰিছে এতিয়া এই স্থিতি।

 

আমেৰিকা