/asomiyapratidin/media/media_files/2025/04/04/KFqAmtkSKH0I6kUNaw3h.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰা: পৰ্বতঝোৰাত অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে ৱাকফ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰীয় চৰকাৰে ৱাকাফ সংশোধনী বিধেয়ক লোকসভাৰ লগতে ৰাজ্যসভাত গৃহীত কৰাৰ পাছতেই সমগ্ৰ অসমৰ লগতে আজি পৰ্বতঝোৰাৰ দেৱীতলা বজাৰত মুখত ক'লা কাপোৰ বান্ধি আমছুৱে বিৰোধিতা কৰে।
কেন্দ্ৰীয় চৰকাৰ হায় হায়, ৱাকফ সংশোধনী বিধেয়ক আমি নামানো, ৱাকফ সংশোধনী বিধেয়ক বাতিল কৰক বিজেপি চৰকাৰ হায় হায়,আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে। লগতে ৱাকফ সংশোধনী বিধেয়ক বাতিল নকৰিলে আগন্তুক সময়ত অধিক তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ প্ৰদান কৰে।