লোকসভাত উত্থাপন সংশোধনী ৱাকফ বিধেয়ক...

ৱাকফ হৈছে এক প্ৰকাৰৰ দাতব্য এনডাউমেণ্ট যিটো ঘূৰাই লোৱাৰ কোনো উদ্দেশ্য নাই। ৱাকফ ব’ৰ্ডত কোনো অমুছলমান সদস্য নিযুক্তি দিয়াৰ কোনো ব্যৱস্থা নাই- গৃহমন্ত্ৰী অমিত শ্বাহ

author-image
Asomiya Pratidin
New Update
dgfgdg

ডিজিটেল ডেস্কঃ  ৱাকফ ব’ৰ্ড সংশোধনী বিধেয়কক লৈ ক্ৰমাৎ চৰকাৰ আৰু বিৰোধীৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। ইয়াৰ মাজতে বুধবাৰে লোকসভাত কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিধেয়কখন গৃহীত কৰাৰ বাবে উত্থাপন কৰে। 

Advertisment

উল্লেখ্য যে, ৮ ঘণ্টা এই বিধেয়কক লৈ উভয় সদনত আলোচনা হোৱাৰ পিছত ইয়াৰ ওপৰত হ’ব ভোট। বিধেয়কখন উত্থাপন কৰি মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, আজি ৱাকফ (সংশোধনী) বিধেয়ক লোকসভাত দাখিল কৰা হ’ব, সেয়ে আজি এক ঐতিহাসিক দিন।

দেশৰ স্বাৰ্থত এই বিধেয়কখন দাখিল কৰা হ’ব সেয়ে আজিৰ আলোচনাৰ মাজতে জেপিচিক ধন্যবাদ জনাই  মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, ২৮৪টা প্ৰতিনিধি দল, ২৫খন ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ৱাকফ ব’ৰ্ডে এই বিষয়ে জেপিচিৰ ওচৰত নিজৰ মতামত জনাইছে। জে পি চিয়ে ইয়াৰ প্ৰতিবেদন চূড়ান্ত কৰাৰ পূৰ্বে প্ৰতিখনৰ বিষয়বস্তুক স্পৰ্শ কৰিছিল।

আজিৰ আলোচনাৰ মাজতে মন্ত্ৰী ৰিজিজুৱে কংগ্ৰেছ আৰু বিৰোধীক লক্ষ্য কৰি কয় যে, ৱাকফ মানে আল্লাহৰ নামত সম্পত্তি দান কৰা। ইছলামৰ দ্বিতীয় খলিফা শ্ৰী উমৰৰ সময়ত ইয়াৰ অস্তিত্ব আছিল। আমি চৰকাৰী সম্পত্তি দান কৰিব নোৱাৰো, আমাৰ যি আছে সেয়াহে দান কৰিব পাৰো। 

ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, অজানিতে বা ৰাজনৈতিক কাৰণত বিৰোধী সাংসদে বহু ভুল তথ্য প্ৰচাৰ কৰি আছে। ৱাকফৰ অৰ্থ হৈছে ‘আল্লাহৰ নামত ধৰ্মীয় দান-বৰঙণি’। ৱাকফ হৈছে এক প্ৰকাৰৰ দাতব্য এনডাউমেণ্ট যিটো ঘূৰাই লোৱাৰ কোনো উদ্দেশ্য নাই। ৱাকফ ব’ৰ্ডত কোনো অমুছলমান সদস্য নিযুক্তি দিয়াৰ কোনো ব্যৱস্থা নাই। আমি তেনেকুৱা কৰিব নিবিচাৰো। মুছলমানৰ ধৰ্মীয় বিষয়ত কোনো ধৰণৰ হস্তক্ষেপ নাথাকিব।

ইয়াৰ বিপৰীতে কংগ্ৰেছৰ সাংসদ ইমৰাণ মাছুদে চৰকাৰক আক্ৰমণ কৰি কয়, ৱাকফ বিধেয়কখনে মুছলমানৰ পৰা বহুখিনি কাঢ়ি নিব। মোডীক উপহাৰ নিদিব, মুছলমানক কৰ্মসংস্থাপন দিয়ক, বুকুত গুলী চলোৱা বন্ধ কৰক। ইয়াৰ উত্তৰত সাংসদ লল্লন সিঙে কয় যে, ৱাকফ বিধেয়কক লৈ বিভ্ৰান্তি বিয়পি পৰিছে। বিধেয়কখনত সকলোৰে বাবে ন্যায় থাকিব। বিধেয়কখনত মুছলমান বিৰোধী আৱেগ প্ৰকাশ কৰা নাই। যদি মোডীজীৰ মুখখন চাই ভাল নাপায় তেন্তে মোডীলৈ নাচাব।

উল্লেখ কৰা প্ৰয়োজন যে, আজি ৰিজিজুৰ বক্তৃতাৰ সময়ত বিধেয়কখনৰ বিৰোধিতাৰে বিৰোধী সাংসদসকলে শ্লোগান দিয়ে। লগে লগে বিৰোধীক কোৱাৰ সুযোগ দিয়া হ'ব বুলি তেওঁলোকক শান্ত হোৱাৰ অনুৰোধ জনাই অধ্যক্ষ ওম বিৰলাই। 

ৱাকফ সংশোধনী বিধেয়ক