/asomiyapratidin/media/media_files/2025/02/05/fbHtz9t843Kk01yufgjl.png)
অন্ত পৰিল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটদান পৰ্ব
ডিজিটেল ডেস্ক : শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব। বুধবাৰে পুৱা ৭-০০ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান পৰ্ব অন্ত পৰে সন্ধিয়া ৬-০০ বজাত। অৱশ্যে ভোটাৰৰ শাৰী দীঘলীয়া হোৱা হেতু কোনো কোনো ভোটকেন্দ্ৰত এতিয়াও ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ খবৰ পোৱা গৈছে।
দিল্লীৰ এই বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰাৰ লগে লগে দেশৰে ভিন্ন সংস্থাই প্ৰকাশ কৰিছে এগজিত প’ল। এগজিত প’লৰ সমীক্ষা অনুসৰি দিল্লীত ভাৰতীয় জনতা পাৰ্টীয়ে শাসন কৰিব বুলি প্ৰকাশ পাইছে। সংস্থাকেইটিৰ সমীক্ষাই বিজেপিক দিছে সংখ্যাগৰিষ্ঠ আসন।
পিপুলছ পালছ এণ্ড প’ডেমৰ ভৱিষ্যতবাণী অনুসৰি এইবাৰ নিৰ্বাচনত দিল্লীত বিজেপিয়ে লাভ কৰিব ৫১ ৰ পৰা ৬০খন আসন। আপে লাভ কৰিব ১০ৰ পৰা ১৯খন আসন। একেদৰে আন এটি সংস্থা মেট্ৰিজৰ মতে বিজেপিয়ে লাভ কৰিব ৩৫ৰ পৰা ৪০খন আসন। আপৰ জয়ৰ সম্ভাৱনা দেখা মেট্ৰিজৰ সমীক্ষা অনুসৰি দলটোৱে লাভ কৰিব ৩২ৰ পৰা ৩৭খন আসন।
একেদৰে পি মাৰ্কৰ সমীক্ষা মতে আপে লাভ কৰিব ১০-১৯খন আসন। বিজেপিয়ে লাভ কৰিব ৫১-৬০খন আসন। তাৰোপৰি জে ভি চিৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি আপে লাভ কৰিব ২২-৩১খন আসন। বিজেপিয়ে লাভ কৰিব ৩৯-৪৫খন আসন। আৰু কংগ্ৰেছে লাভ কৰিব ০-২খন আসন।
দেশৰে আন এটি সংস্থা পিপল ইনচাইতৰ সমীক্ষা অনুসৰি আপে পাব ২৫-২৯খন আসন। বিজেপিয়ে পাব ৪০-৪৪খন আসন। একেদৰে কংগ্ৰেছে লাভ কৰিব ০-২খন আসন। পিপল প্লাছেও কৰিছে সমীক্ষা। সংস্থাটোৰ মতে বিজেপিয়ে পাব ৫১-৬০খন আসন। আপে পাব ১০-১৯খন আসন।
চানক্য ষ্ট্ৰেটেজিছৰ সমীক্ষা অনুসৰি বিজেপিয়ে লাভ কৰিব ৩৯-৪৪খন আসন। আৰু আপে লাভ কৰিব ২৫-২৮খন আসন। এই আটাইকেটা সংস্থাৰ সমীক্ষা অনুসৰি বিজেপিয়ে গৰিষ্ঠ সংখ্যক আসন লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই জল্পনাৰ অন্ত পৰিব নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনাহে। উল্লেখযোগ্য যে ৮ ফেব্ৰুৱাৰীত ঘোষণা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল।