চিৰাঙৰ ভোটকেন্দ্ৰত ভোটাৰৰ আকস্মিক মৃত্যু..

চিৰাঙৰ ভোটকেন্দ্ৰত ভোটাৰৰ আকস্মিক মৃত্যু..

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ, চিৰাংঃ মঙলবাৰে ৰাজ্যৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিৰাঙৰ ৩৫নং ডাঙাইগাঁও এল পি স্কুলৰ ভোট গ্ৰহণকেন্দ্ৰত এক শোকাৱহ ঘটনা সংঘটিত হয়।

Advertisment

ঘৰৰ পৰা ভোটকেন্দ্ৰত ভোটদান কৰিবলৈ আহি কৰুণ মৃত্যুক সাৱতি লয় এগৰাকী ভোটাৰে। মৃত ভোটাৰ গৰাকীক কাজলগাঁও থানাৰ অন্তৰ্গত নেপালপাৰাৰ বাসিন্দা হুছেইন আলী (৩৮) বুলি চিনাক্ত কৰা হৈছে।

ভোটাৰজনৰ মৃত্যুক প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে হুছেইন আলী হঠাতেই অসুস্থতা হৈ বহি থকা অৱস্থাতে চকীৰ পৰা মজিয়াত ঢলি পৰে আৰু থিতাতে মৃত্যুবৰণ কৰে।

স্থানীয় লোকৰ সন্দেহ হুছেইন আলী হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰিছে। ভোটদান কৰিবলৈ অকাল মৃত্যুক সাবতি লোৱা হুছেইন আলীৰ মৃত্যুক কেন্দ্ৰ কৰি নেপালপাৰা এলেকাটোত শোকৰ ছাঁ পৰিছে ।

Also Read: মোডী, শ্বাহৰ ৰাজ্যতে ভোট দিয়াত আগ্ৰহ নাই ভোটাৰৰঃ অসমতে সৰ্বাধিক ভোটদান...

loksabha election chirang voter death