পি এল আই আঁচনিৰ অধীনত ভ’ল্টাছে বিনিয়োগ কৰিব ২,২৯৯ কোটি টকা

কেন্দ্ৰীয় চৰকাৰে শ্বেত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰা পি এল আই আঁচনিৰ প্ৰতি অধিক আগ্ৰহ দেখুৱাইছে দেশৰ আগশাৰীৰ কোম্পানী ভ’ল্টাছে। এই আঁচনিৰ অধীনত কোম্পানীটোৱে ২,২৯৯ কোটি টকা বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে।

author-image
Asomiya Pratidin
New Update
ভ’ল্টাছে বিনিয়োগ কৰিব ২,২৯৯ কোটি টকা

ভ’ল্টাছে বিনিয়োগ কৰিব ২,২৯৯ কোটি টকা

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে শ্বেত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰা পি এল আই আঁচনিৰ প্ৰতি অধিক আগ্ৰহ দেখুৱাইছে আগশাৰীৰ কোম্পানী ভ’ল্টাছে। এই আঁচনিৰ অধীনত কোম্পানীটোৱে ২,২৯৯ কোটি টকা বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে।

ইয়াৰ উপৰি পি এল আই আঁচনিৰ প্ৰতি আগ্ৰহ দেখুৱাইছে এম আই আৰ চি ইলেক্ট্ৰনিক্স, লুমেক্স আৰু ইউ এন অ’ মিণ্ডাকে ধৰি ১৮টা কোম্পানীয়ে। ইতিমধ্যে বিভাগীয় মন্ত্ৰালয়ে ভ’ল্টাছকে ধৰি ১৮টা কোম্পানীক বিনিয়োগৰ বাবে নিৰ্বাচিত কৰিছে।

economy