ভলীবল ৰেফাৰী পৰীক্ষাত ঢকুৱাখনাৰ ৩৩গৰাকী উত্তীৰ্ণ...

ভলীবল ৰেফাৰী পৰীক্ষাত ঢকুৱাখনাৰ ৩৩গৰাকী উত্তীৰ্ণ...
Published on
Updated on

ডিজিটেল সংবাদ ,ঢকুৱাখনা: অসম ভলীবল সন্থাই ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত যোৱা ১আৰু ২ জুনত অনুষ্ঠিত কৰিছিল অসম ভিত্তিত তৃতীয় শ্ৰেণীৰ ভলীবল ৰেফাৰী পৰীক্ষা । ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ প্ৰায় ৪০ গৰাকী পৰীক্ষাৰ্থীযে অৱতীৰ্ণ হোৱা এই মৌখিক আৰু লিখিত পৰীক্ষাৰ ফলাফল অসম ভলীবল সন্থাই ঘোষণা কৰিছে।

অসম ভলীবল ৰেফাৰী বৰ্ডৰ সম্পাদক ধনজিৎ দাসে জনোৱা মতে ঢকুৱাখনাত অনুষ্ঠিত লিখিত আৰু মৌখিক পৰীক্ষাত অৱতীৰ্ণ হোৱা সকল হল ক্ৰমে  সতীশ চুতীয়া, হৰি নাৰায়ণ কোঁৱৰ , সদানন্দ বুঢ়াগোঁহাই , জানমণি চমুৱা ,জ্যোতিৰূপা ভৰালী ,পবিত্ৰ সন্দিকৈ, জ্যোতিপ্ৰসাদ চেতিয়া  ,কুশল বৰগোঁহাই , মুকুল চন্দ্ৰ বৰুৱা ,দ্বীপ হাজৰিকা,নলিনী চেতিয়া , পংখী ভৰালী ,বিজয়া হাজৰিকা , ৰশ্মি বেগম , ভূপেন সন্দিকৈ  ,প্ৰাঞ্জল গগৈ , কুশল বৰুৱা ,সুভাষ সূত ,মৃগাংক দত্ত ,কুকিল কৃষ্ণ নেওগ , নাৰায়ণ বৰুৱা ,দিলীপ শইকীয়া, পিংকো বৰা ,অনন্ত ভূঞা ,আব্দুল কাদিৰ , জীৱন্ত গগৈ ,মোহন সন্দিকৈ ,হেমন্ত গগৈ ,মুলুক মেদক,স্বাধীন কোঁৱৰ ,ডেভিড চাংমাই ,চন্দন সন্দিকৈ ,

আৰু দিলদাৰ হুছেইন । ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক অচ্যুত চত্ৰধৰাই সকলো উত্তীৰ্ণ ৰেফাৰীক অভিনন্দন জনাইছে । সম্পাদক গৰাকীয়ে মৌখিক আৰু লিখিত পৰীক্ষাত উত্তীৰ্ণ এইসকল পৰীক্ষাৰ্থীক শাৰীৰিক (প্ৰেক্টিকেল) পৰীক্ষাৰ পাছত উত্তীৰ্ণৰ প্ৰমাণপত্ৰ সমূহ প্ৰদান কৰিব বুলি জানিবলৈ দিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in