ৰাইডঙীয়াত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনাৰ ওপৰত বৃত্তিমূলক প্ৰশিক্ষণ

ৰাইডঙীয়া মিহিৰাম আতা ভৱনত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আৰম্ভণি অনুষ্ঠানত প্ৰশিক্ষণ প্ৰদান কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথে "মাটি আমাৰ অমূল্য সম্পদ, মাটিৰ স্বাস্থ্য অটুট ৰাখিব লাগিব" বুলি ভাষণত উল্লেখ কৰে।

author-image
Asomiya Pratidin
New Update
,,

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আজিৰে পৰা পাঁচ দিনীয়াকৈ মাটিৰ স্বাস্থ্য ব্যৱস্থাপনাৰ ওপৰত বৃত্তিমূলক প্ৰশিক্ষণ (Vocational training on soil health management)কাৰ্যসূচীৰে আৰম্ভ হৈছে।

Advertisment

 নগাঁও জিলাৰ ৰাইডঙীয়া মিহিৰাম আতা ভৱনত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আৰম্ভণি অনুষ্ঠানত প্ৰশিক্ষণ প্ৰদান কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথে "মাটি আমাৰ অমূল্য সম্পদ, মাটিৰ স্বাস্থ্য অটুট ৰাখিব লাগিব" বুলি ভাষণত উল্লেখ কৰে।

লগতে ভূমিৰ প্রতি ভক্তি আৰু বৈজ্ঞানিক পদ্ধতিৰে উৰ্বৰতা অক্ষুণ্ণ ৰখা বিষয়টিৰ ওপৰত আলোকপাট কৰে। আন এগৰাকী অতিথি তথা নগাঁও জিলাৰ জেষ্ঠ কৃষি উন্নয়ন বিষয়া যুগ জ্যোতি চৌধুৰীয়ে কৃষক সকলৰ আয় বৃদ্ধিৰ বাবে গ্ৰহণ কৰিবলগীয়া কাৰ্যপন্থাৰ বিশ্লেষণৰ লগতে কৃষি বিভাগৰ জড়িয়তে কৃষকৰ উন্নয়নৰ বাবে থকা বিভিন্ন আঁচনিৰ বিষয়ে আলোচনা কৰে। আৰম্ভণি অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়াই গীতাঞ্জলী ব্লেক গল্ড শীৰ্ষক ক্ষুদ্ৰ উদ্যোগৰ সঞ্চালক প্ৰভাত চন্দ্ৰ দাসে।

কৃষি বিজ্ঞান