Advertisment

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত জৈৱিক কৃষিৰ বৃত্তিমূলক প্ৰশিক্ষণ আৰম্ভ

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে জৈৱিক কৃষি (Organic Farming)ৰ বিষয়ে বৃত্তিমূলক প্ৰশিক্ষণ আৰম্ভ হৈছে

author-image
Asomiya Pratidin
New Update
কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত জৈৱিক কৃষিৰ বৃত্তিমূলক প্ৰশিক্ষণ আৰম্ভ

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত জৈৱিক কৃষিৰ বৃত্তিমূলক প্ৰশিক্ষণ আৰম্ভ

ডিজিটেল সংবাদ, বটদ্ৰৱা : কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে জৈৱিক কৃষি (Organic Farming)ৰ বিষয়ে বৃত্তিমূলক প্ৰশিক্ষণ আৰম্ভ হৈছে। নগাঁও জিলাৰ শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাগৃহত অনুষ্ঠিত এই জৈৱিক কৃষিৰ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ প্ৰধান বিজ্ঞানী তথা মূৰব্বী ড০ নিৰঞ্জন ডেকাই ।

Advertisment

ড০ ডেকাই কয়- "আমাৰ লক্ষ্য হৈছে কৃষকসকলক সমৃদ্ধিশালী কৰা, যাতে তেওঁলোক আদৰ্শবান কৃষক হিচাপে প্ৰতিষ্ঠিত হৈ, নিজৰ পথাৰখনৰ জৰিয়তে নিজৰ নাম সমগ্ৰ ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰে।" প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আৰম্ভণি অনুষ্ঠানটিৰ আঁত ধৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথে "জৈৱিক কৃষিৰ প্ৰয়োজনীয়তা আৰু সম্ভাৱনাৰ বিশ্লেষণ কৰি, কৃষি, পশুপালন আৰু মীন পালনত জৈৱিক প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তা আৰু জৰুৰীতাৰ সম্পৰ্কে আলোচনা কৰে।

লগতে কৃষি পদ্ধতিৰ অৰ্থাৎ বৃহৎ সংখ্যক ৰাসায়নিক সাৰ আৰু জধে- মধে কীটনাশকৰ ব্যৱহাৰৰ ফলত হোৱা বিভিন্ন অসুবিধা আৰু পাৰ্শ্বক্ৰিয়াৰ বিষয়ে বিশ্লেষণ কৰে। অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ বিশেষজ্ঞ, বিজ্ঞানীসকলৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা, ৰাইদঙীয়া, চকলাঘাট, বৰজহা, শেনচোৱা,  জুৰিয়া, কাছমাৰী অঞ্চলৰ কেইবাগৰাকী প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰে। 

batadraba agriculture