/asomiyapratidin/media/media_files/2025/07/14/404-2025-07-14-11-56-13.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ৩১ কোটি টকীয়া গাইনদী বাঁওপাৰৰ মথাউৰি চুমনি পৰা আমগুৰি লেচিয়া দলঙৰ সমীপলৈকে যোৱা ৮ কিঃমি দৈঘ্য মথাউৰি নিৰ্মানৰ কাম চলিত বৰ্ষৰ মাৰ্চ মাহতেই উকলি গৈছে। ইয়াৰ পিছতো আজিপৰ্যন্ত জল সম্পদ বিভাগে মথাউৰি নিৰ্মানৰ কামত হেমাহি কৰা কাণ্ডই অঞ্চলবাসী ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
উল্লেখ্য যে বিগত তিনিবছৰ মানৰ পৰাই জিলাখনৰ ঠায়ে ঠায়ে বানৰ প্ৰকোপ ক্ৰমান্বয়ে কমিছে যদিও গাইনদী, জীয়াঢল, ৰাইনদী, চিমেন আৰু লালী আদি নদীয়ে সাধাৰণতে জুলাই পৰা ছেপ্তেম্বৰৰ শেষতো কালৰূপ ধাৰণ কৰা বানপানীয়ে হাহাকাৰ লগোৱা উদাহৰণ আছে ৷
বিগত ভয়াৱহ সময়ৰ কোনো শিক্ষা নোলোৱা ধেমাজি জল সম্পদ বিভাগে বাৰিষাৰ আগমুহূৰ্ত্তত মথাউৰি নিৰ্মাণৰ গুৰুত্ব নিদিলে ৷ আনকি বহু দিনৰ আগতেই চৰকাৰে মথাউৰি নিৰ্মাণৰ বাবে আৱন্টন দিয়া কাম জিলা জল সম্পদ বিভাগ আৰু দায়িত্বত থকা ঠিকাদৰে সময়মতে মথাউৰি মেৰামতি কৰিব লাগে যদিও সেয়া এই পৰ্যন্ত হৈ উঠা নাই ৷
ইয়াৰ ফলত বানৰ বিভীষিকাৰ হ'বলগীয়া আশংকাত অঞ্চলবাসী ৰাইজ ভুগিছে ৷ এইবাৰো গাইনদী মথাউৰি নিৰ্মাণত হেমাহি কৰা বাবেই চিচিবৰগাঁও, চুমনি আৰু কেৰেকনি বৃহত্তৰ অঞ্চলৰ ৰাইজে বানৰ গ্ৰাসত পৰাৰ সম্ভাৱনা হৈ পৰিছে ৷
তথ্য মতে চলিত বৰ্ষৰ মাৰ্চতে ৩১ কোটিটকীয়া উক্ত মথাউৰি নিৰ্মাণৰ নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো জল সম্পদ বিভাগৰ কোনো গা লৰা নাই ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা বিষ্ণু শৰ্মা, সভাপতি ভাস্কৰ বুঢ়াগোঁহাই আৰু সম্পাদক ৰঞ্জন বৰাৰ নেতৃত্বত জিলা এটি সঁজাতি দলে প্ৰখৰ ৰ'দ নেওচি দেওবাৰে বিয়লি পৰিদৰ্শন কৰে ৷
গাইনদীৰ বাঁওপাৰৰ মথাউৰি চিচিবৰগাঁও পঞ্চায়তৰ চুমনি গাঁৱৰ পৰা আমগুৰি লেচিয়া দলঙৰ সমীপলৈকে ঠিকাদাৰ ক্ৰমে অশোক আগৰৱালাই ৩.৭৭৫ কিলোমিটাৰ, ৰোহিত শ্বাহে ২.২৫ কিলোমিটাৰ আৰু তৰুণ দত্তই ১.৯২৫ কিলোমিটাৰ শ্লুইছ গেটসহ মুঠ ৮ কিঃ মি নিৰ্মাণৰ কাম দায়িত্ব পাইছিল৷ কিন্তু প্ৰথমগৰাকী ঠিকাদাৰৰ কিছু সংখ্যক কাম আগবাঢ়িল যদিও আন দুয়োগৰাকী ঠিকাদাৰে আজিও ৩০% শতাংশৰো কাম শেষ কৰিব পৰা নাই ৷
এনে অৱস্থাত থাকিলে সময়ত নতুবা আগন্তুক ভয়াৱহৰ বানত উক্ত ৩০% কামো উঠি গ’লে ঠিকাদাৰে সমুদায় আৱন্টনৰ ধন আত্মসাৎ কৰাৰ সম্ভাৱনা নোহোৱা নহয় ৷ কাৰণ পূৰ্বেও ধেমাজি জল সম্পদ বিভাগত এনে কাণ্ডৰ সংঘটিত হৈছে ৷
সভা- সমিতিয়ে মথাউৰি নিৰ্মাণক লৈ দম্ভালি মাৰি অহা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই গাইনদী নৈপৰীয়া ৰাইজৰ জীৱন সম্পত্তিৰ ৰক্ষা কৰিব নে ? মথাউৰিহে শেষ ভৰষা অঞ্চলবাসী ৰাইজৰ জীৱনকলৈ হেতালি খেলা ঠিকাদাৰক নাকী লগাব পাৰিব নে ? ইয়াকে লৈ ৰাইজৰ মাজত বিভিন্ন প্ৰশ্ন হৈছে ৷
জল বিভাগৰ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়ত ঠিকাদাৰৰ হেমাহি কোনোপধ্যেই মানি লোৱা নহ’ব বুলি সকিয়নী দি মন্ত্ৰী পীযুষ হাজৰিকাক নিজে আহি ধেমাজিৰ এই মথাউৰিসমূহ পৰিদৰ্শন কৰি এপাক চাই যাবলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সঁজাতি দলটিয়ে দাবী জনায়৷ অতি শীঘ্ৰেই যদি মথাউৰি নিৰ্মাণ নকৰে, তেন্তে ঠিকাদাৰ আৰু ধেমাজি জলসম্পদ বিভাগ ৰাইজৰ ৰোষত পৰিব ৷ অন্যথা ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ গঢ়ি তোলাৰ হুংকাৰ দিয়ে যুৱ ছাত্ৰ পৰিষদে ৷