কলিয়াবৰৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী  কেশৱ মহন্তই মঙ্গলবাৰে বানপানীত ক্ষতিগ্ৰস্ত হোৱা কলিয়াবৰ সমজিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং ভুৰবন্ধা আৰু ২ নং ভুৰবন্ধাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে

author-image
Asomiya Pratidin
New Update
নাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ডিজিটেল সংৱাদ,কলিয়াবৰ : অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী  কেশৱ মহন্তই মঙ্গলবাৰে বানপানীত ক্ষতিগ্ৰস্ত হোৱা কলিয়াবৰ সমজিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং ভুৰবন্ধা আৰু ২ নং ভুৰবন্ধাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। লগতে সেই অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময় কৰে । 

Advertisment

পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত ৰাইজে যাতে, বান সাহায্য পৰ্যাপ্ত পৰিমাণে পাই তাৰ প্ৰতি নজৰ ৰাখিবলৈ  সংশিষ্ট কৰ্তৃপক্ষক  নিৰ্দেশ প্ৰদান কৰে । মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনকালত   কলিয়াবৰ ৰাজহ চক্ৰ বিষয়া ৰাজ নিচান শৰ্মা, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ ক্ষেত্ৰ বিষয়া  পূজা বৈৰাগী, গাঁওপ্ৰধানৰ লগতে সংশিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকলে সহযোগিতা কৰে। 

নাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে  যোৱা নিশা কলিয়াবৰৰ হাতীমূৰা কলংমুখত পুনঃ নিৰ্মাণ হোৱা মথাউৰিত উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰন্তৰ মথাউৰিটো পূৰ্ণ সুৰক্ষা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া প্ৰয়োজনীয় সকলো পদক্ষেপ লবলৈ আহ্বান জনায় । ইতিমধ্যে কপিলী, বৰপানী আৰু কলং নদীৰ বাঢ়নী পানীয়ে জিলাখনৰ কামপুৰ  আৰু ৰহা ৰাজহ চক্ৰৰ  অন্তৰ্গত  বহুকেইটা  অঞ্চল প্লাবিত কৰিছে।

আনহাতে ৰহা  ৰাজহ চক্ৰৰ  অন্তৰ্গত বানপীড়িত  অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ বাবে  স্থাপন কৰা তিনিটা বান সাহায্য শিবিৰ যোৱাকালি  ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে পৰিদৰ্শন কৰি, শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে বানাক্ৰান্ত সকলৰ মাজত প্ৰশাসনৰ তৰফৰ পৰা যোগান ধৰি থকা বিভিন্ন বান সাহাৰ্য্যসমূহ ,খাদ্য, বিশুদ্ধ খোৱাপানী, শিশু খাদ্য, পশু ধন খাদ্য, চিকিৎসা সেৱা নিয়াৰিকৈ প্ৰদান কৰা হৈছে নে নাই তাৰো পৰ্যবেক্ষণ  কৰে ।   

এই পৰিদৰ্শন কালত ৰহা সম-জিলাৰ সম আয়ুক্ত ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ  বিভাগৰ  ক্ষেত্ৰ  বিষয়া পৰীস্মিতা শইকীয়া,গাঁওপ্ৰধানকে ধৰি সংশিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীৰসকল উপস্থিত থাকে।

বানপানী