অনুৰাগীক কৃতজ্ঞতা জনাই বগা জাৰ্চী, ৰঙা বলক বিদায় বিৰাট কোহলিৰ

বেটত আছিল ৰান, দেহত আছিল বল । ফিটনেছৰ কথাটো ক’বই নালাগে, সৰ্বাংগ সুন্দৰ । তথাপি সিদ্ধান্ত অৱসৰৰ ! লাখ লাখ অনুৰাগীক অথাই সাগৰত পেলাই বিৰাট কোহলিৰ চূড়ান্ত সিদ্ধান্ত- বিদায় ! টেষ্ট ক্ৰিকেটত মই আৰু নাই

author-image
Asomiya Pratidin
New Update
বিৰাট

বিৰাট

ডিজিটেল ডেস্ক : বেটত আছিল ৰান, দেহত আছিল বল। ফিটনেছৰ কথাটো ক’বই নালাগে, সৰ্বাংগ সুন্দৰ। তথাপি সিদ্ধান্ত অৱসৰৰ ! 

Advertisment

লাখ লাখ অনুৰাগীক অথাই সাগৰত পেলাই বিৰাট কোহলিৰ চূড়ান্ত সিদ্ধান্ত- বিদায় ! টেষ্ট ক্ৰিকেটত মই আৰু নাই। আগজাননী নিদিয়াকৈয়ে অকাস্মাৎ সুদীৰ্ঘ ১৪ বছৰীয়া বৰ্ণিল কেৰিয়াৰৰ অৱসান ঘটাই অৱসৰৰ কথা সদৰী কৰিলে বিৰাট কোহলিয়ে।

১২ মে’ ২০২৫ সোমবাৰে কোনো সংবাদমেল সম্বোধন নকৰাকৈয়ে নিজৰ সামাজিক মাধ্যমত এটি আবেগভৰা পোষ্টৰ জৰিয়তে টেষ্ট ক্ৰিকেটক বিদায় জনায় কিং কোহলিয়ে। এতিয়াৰে পৰা ৰঙা বল, বগা জাৰ্চী পৰিধান কৰি দেশক প্ৰতিনিধিত্ব নকৰে তেওঁ। মাত্ৰ খেলি যাব এদিনীয়া সংস্কৰণ আৰু আই পি এল।

ক্ৰিকেটৰ তিনিও সংস্কৰণতে বিৰাট কোহলিয়ে ভাৰতীয় জাতীয় দললৈ আগবঢ়াইছে অস্বীকাৰ্য অৱদান । শতাধিক টেষ্ট আৰু টি-২০ৰ লগতে তিনিশৰো অধিক এদিনীয়া মেচত দেশক প্ৰতিনিধিত্ব কৰিছে তেওঁ। 

এই আটাইকেটা সংস্কৰণতে তেওঁৰ নামত আছে বহুকেইটা অভিলেখ। বেট হাতত লৈ ইটোৰ পাছত সিটো অভিলেখ গঢ়ি সংগ্ৰহ কৰিছে কেইবাসহস্ৰাধিক ৰান।

১০৩ খন টেষ্ট খেলি বিৰাট কোহলিয়ে  ৯হাজাৰ ২শ ৩০ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ নামত আছে ৩০ টা শতক আৰু ৩১টা অৰ্ধ শতক। টেষ্টত তেওঁৰ ব্যক্তিগত সৰ্বোচ্চ স্ক’ৰ অপৰাজিত ২৫৪ৰান।

তাৰোপৰি এদিনীয়া আৰু টি-২০ মিলি ১৮ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰি ভাৰতীয় জাতীয় ক্ৰিকেট দলক সম্বৃদ্ধ কৰিছে। এদিনীয়াত তেওঁ ৫১টা শতক আৰু ৭৪টা অৰ্ধশতক অৰ্জন কৰিছে। 

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, বিগত বৰ্ষত ভাৰতে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰাৰ দিনাই বিৰাট কোহলিয়ে ক্ৰিকেটক চমু সংস্কৰণটোৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। কাৰ্যতঃ এতিয়াৰে পৰা নীলা জাৰ্চীত মাত্ৰ এটা সংস্কৰণত ২২গজত দেখিবলৈ পোৱা যাব ক্ৰিকেটৰ মহানায়কগৰাকীক...।

virat kohli