/asomiyapratidin/media/media_files/2025/06/18/183-e72caff4.jpg)
ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিতব্য টেষ্ট শৃংখলাৰ পূৰ্বে বিৰাট কোহলিৰ লণ্ডনস্থিত বাসগৃহত সময় অতিবাহিত কৰিলে টীম ইণ্ডিয়াৰ কেইবাগৰাকী ক্ৰিকেটাৰে। কিছুদিন পূৰ্বে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা কোহলিৰ আমন্ত্ৰণ মৰ্মে অধিনায়ক শুভমন গীল, সহঃ অধিনায়ক ঋষভ পণ্ট, মহম্মদ চিৰাজকে ধৰি কেইবাগৰাকী ক্ৰিকেটাৰে কোহলিৰ বাসগৃহত উপস্থিত হয়।
আটাইকেইগৰাকী খেলুৱৈৰ সৈতে বিৰাট কোহলিয়ে মত বিনিময় কৰাৰ উপৰি একেলগে আহাৰ গ্ৰহণ কৰে। তাৰোপৰি আগন্তুক ‘তেণ্ডুলকাৰ- এণ্ডাৰছন’ ট্ৰফীৰ বাবে খেলিব লগা টেষ্ট শৃংখলাৰ বাবে নৱনিযুক্ত অধিনায়ক গীলক শুভেচ্ছা জ্ঞাপন কৰে কোহলিয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, অহা ২০ জুনৰ পৰা আৰম্ভ হ’ব ভাৰত- ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলা। ইতিমধ্যে দুয়োটা দলে এই শৃংখলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ।