দিল্লীত ৰঞ্জী মেচ খেলি শৈশৱ- কৈশোৰৰ দিনবোৰলৈ ঘূৰি গ’ল বিৰাট কোহলি

ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহিছে। কি খুৱাব, কি পিন্ধাব ইয়াক লৈ সাতখন- আঠখন লাগিছে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত থকা কেণ্টিনখনৰ গৰাকীৰ। বেচেৰাটো এটা যুগৰ অন্তত ঘৰুৱা ক্ৰিকেট খেলিবলৈ আহিছে, গতিকে ভালতকৈ ভাল খাদ্য যোগান ধৰাৰ বাবে উঠি- পৰি লাগিছে

author-image
Asomiya Pratidin
New Update
দিল্লীত ৰঞ্জী মেচ খেলি শৈশৱ- কৈশোৰৰ দিনবোৰলৈ ঘূৰি গ’ল বিৰাট কোহলি

দিল্লীত ৰঞ্জী মেচ খেলি শৈশৱ- কৈশোৰৰ দিনবোৰলৈ ঘূৰি গ’ল বিৰাট কোহলি

ডিজিটেল ডেস্ক : ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহিছে। কি খুৱাব, কি পিন্ধাব ইয়াক লৈ সাতখন- আঠখন লাগিছে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত থকা কেণ্টিনখনৰ গৰাকীৰ। বেচেৰাটো এটা যুগৰ অন্তত ঘৰুৱা ক্ৰিকেট খেলিবলৈ আহিছে, গতিকে ভালতকৈ ভাল খাদ্য যোগান ধৰাৰ বাবে উঠি- পৰি লাগিছে কেণ্টিনখনৰ স্বত্বাধিকাৰীজন।

Advertisment

কেৱল ইমানেই নহয়, বিৰাট কোহলিৰ বাবে কেণ্টিনৰ পৰিৱৰ্তে বাহিৰৰ পৰা সুস্বাদু খাদ্য আনিবলৈ যো-জা চলালে স্বত্বাধিকাৰীগৰাকীয়ে। তেওঁৰ এনে ‘কাণ্ড-কাৰখানা’ দেখি বিৰাট কোহলিয়ে ক’লে- মই বাহিৰৰ খাদ্য নাখাও। ইমান দিনে আপোনাৰ হাতেৰে খাইছো। গতিকে আজিও আপুনি যি খুৱাই তাকেই খাম। বাহিৰ পৰা আনিব নালাগে, কেণ্টিনতে খাম খাদ্য।

দিল্লীত ৰঞ্জী মেচ খেলি শৈশৱ- কৈশোৰৰ দিনবোৰলৈ ঘূৰি গ’ল বিৰাট কোহলি
দিল্লীত ৰঞ্জী মেচ খেলি শৈশৱ- কৈশোৰৰ দিনবোৰলৈ ঘূৰি গ’ল বিৰাট কোহলি

 

তেওঁৰ এই সৰলতা দেখি কেণ্টিনখনৰ স্বত্বাধিকাৰীগৰাকীয়ে অভিভূত হৈ পৰে। বিৰাট কোহলিৰ এনে সন্মানসূচক মন্তব্যৰ পাছতে কেণ্টিনখনৰ স্বত্বাধিকাৰীজনে কয়- বিৰাট কোহলিক মই সৰুৰ পৰাই পাইছো। ফিৰোজ শ্বাহ কোটলা তথা আজিৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুশীলন কৰাৰ পৰা ঘৰুৱা ক্ৰিকেট খেলি আন্তৰ্জাতিক পৰ্যায়ত উপনীত হোৱালৈকে মই তেওঁক পাইছো। তেওঁ এগৰাকী সহজ- সৰল ব্যক্তি। তেওঁৰ মনত কোনো অংকাৰ নাই। আজি অত দিনৰ মূৰত লগ পাই পূৰ্বৰ দৰেই লগ পোৱা যেনেই অনুভৱ হৈছে বুলি মন্তব্য কৰে স্বত্বাধিকাৰীজনে।

ৰঞ্জী মেচত বিৰাট কোহলি
ৰঞ্জী মেচত বিৰাট কোহলি

 

উল্লেখযোগ্য যে আজিৰে পৰা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ৰঞ্জী ট্ৰফীৰ মেচ। এই মেচখন দিল্লী আৰু ৰে’লৱেৰ মাজত অনুষ্ঠিত হয়। মেচখনত দিল্লীক প্ৰতিনিধিত্ব কৰে বিৰাট কোহলিয়ে। 

অৱশ্যে প্ৰথম দিনৰ অন্তত বিৰাট কোহলিয়ে বেট ধৰাৰ সুযোগ নাপালে যদিও ফিল্ডিং কৰি দৰ্শকক সময়ে সময়ে আমোদ দি থাকে। খেলৰ মাজতে খাদ্য বিচাৰি ধেমালি কৰে কোহলিয়ে। কোহলিৰ প্ৰতিটো মুহূৰ্তই উপভোগ কৰে দৰ্শকে। আনহাতে কি পানী সেৱন কৰিব লাগে তাৰ পৰামৰ্শও আগবঢ়াই কোহলিয়ে।

VIRAT virat kohli BCCI Domestic ranji trophy