বিয়াৰ অনুষ্ঠানৰ মাজতেই অঘটন, হঠাৎ বাগৰি পৰিল মজিয়াত, মৃত্যু...

জন্ম, মৃত্যু, বিবাহ- ক'ত, কেতিয়া, কেনেকৈ হয় সেয়া কোনোৱে ক'ব নোৱাৰে।এন ধৰণৰে এক ঘটনা সংঘটিত হৈছে হায়দৰাবাদত।

author-image
Asomiya Pratidin
New Update
বিয়াৰ অনুষ্ঠানৰ মাজতেই অঘটন, হঠাৎ বাগৰি পৰিল মজিয়াত, মৃত্যু...

ডিজিটেল ডেস্ক: জন্ম, মৃত্যু, বিবাহ- ক'ত, কেতিয়া, কেনেকৈ হয় সেয়া কোনোৱে ক'ব নোৱাৰে।এন ধৰণৰে এক ঘটনা সংঘটিত হৈছে হায়দৰাবাদত।

Advertisment

বিয়াৰ 'হালধি' অনুষ্ঠানত চলি থকাৰ মাজতেই এজন লোক ঢলি পৰি মৃত্যু মুখত পৰে। ঘটনাটো ২০ ফেব্ৰুৱাৰীত কালা পাথাৰ অঞ্চলত সংঘটিত হৈছিল । ইয়াৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

মৃত্যু হোৱা লোকজনক ৪০ বছৰীয়া মহম্মদ ৰব্বানী । 'হালধি' অনুষ্ঠানৰ ভিডিঅ'টোত, দেখিবলৈ পোৱা গৈছে যে ৰব্বানীয়ে দৰাৰ ভৰিত হালধি লগাবলৈ যায়। সেই সময়ত তেওঁ হাঁহি হাঁহি আন লোক সকলৰ সৈতে কথা পাতি আছিল।

কিন্তু হঠাৎ তেওঁ মজিয়াত বাগৰি পৰি মৃত্যু মুখত পৰে। তেওঁ হৃদৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে। চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও ২১ ফেব্ৰুৱাৰী তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্য়ুৰ পাছত বিয়া পিছুয়াই দিয়া হৈছে।

Also Read: কনফিউজ!