/asomiyapratidin/media/media_files/2025/06/09/KMlA3NtKlJiUUxf7jeRk.jpg)
ডিজিটেল ডেস্কঃ চেনাব নদীৰ ওপৰত ৩৫৯ মিটাৰ উচ্চতাত নিৰ্মাণ কৰা নদী দলংখন অভিযান্ত্ৰিকতাৰ এক অনন্য নিদৰ্শন। যেতিয়া ৰেলখন এই দলঙৰ মাজেৰে পাৰ হৈ যাব তেতিয়া ইয়াত বহি থকা যাত্ৰীসকলে এক অভূতপূৰ্ব দৃশ্যৰ সাক্ষী হ'ব, যিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যক প্ৰতিফলিত কৰিব।
/asomiyapratidin/media/media_files/2025/06/09/mmvVXtKVkera3REZkQID.jpg)
ভাৰতীয় ৰে’লৱে নেটৱৰ্কক কাশ্মীৰ উপত্যকাৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত চেনাব নদী দলঙে এক গুৰুত্বপূৰ্ণ অংশ হিচাপে কাম কৰি আহিছে। ভাৰতীয় ৰে’লৱেও এই প্ৰকল্পত দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। এই দলঙত ৰেল চলোৱা এগৰাকী লোকো পাইলট অৰ্থাত ৰেল চালকে নিজৰ ফোনৰ কেমেৰাত এনে দৃশ্য ৰেকৰ্ড কৰিছে, যিটো ইণ্টাৰনেটত জনসাধাৰণে আচৰিত আৰু অতুলনীয় বুলি বিবেচনা কৰিছে।
/asomiyapratidin/media/media_files/2025/06/09/6q1nVyV2UBkDlKytqObh.webp)
বহু ব্যৱহাৰকাৰীয়েও ইয়াক প্ৰযুক্তি আৰু প্ৰকৃতিৰ সুন্দৰ সংগম বুলি অভিহিত কৰিছে। যেতিয়া লোকো পাইলটগৰাকীয়ে চেনাব নদীৰ দলঙৰ ওপৰেৰে ৰেলৰ আগফালৰ দিশত পাৰ হৈ গৈ থাকে তেতিয়া কেমেৰা অন কৰি ভিডিঅ’ বনাবলৈ আৰম্ভ কৰে।
लोको पायलट की नजर से भव्य चेनाब रेल ब्रिज का अद्वितीय दृश्य। pic.twitter.com/p0YKLPKD1I
— Sanatanii (@Sanatanii_) June 6, 2025
এনে পৰিস্থিতিত এফালে মানুহৰ চকু প্ৰথমে দলঙৰ খুঁটালৈ যায় যদিও আনফালে ওখ পাহাৰ আৰু প্ৰকৃতিৰ সেউজীয়া মনোৰম দৃশ্যৰো সাক্ষী হয়। প্ৰায় ৪৯ ছেকেণ্ডৰ এই ক্লিপটো এইদৰেই শেষ হয়। এই পৰ্যন্ত ভিডিঅ'টোৱে ১.৫ লাখতকৈ অধিক ভিউ আৰু ৭ হাজাৰৰো অধিক লাইক লাভ কৰিছে। একেটা পোষ্টতে ৩০টাতকৈও অধিক মন্তব্যও আহিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us