এদিন ষ্টেছনত গীত গাইছিল ৰাণুৱে, এতিয়া…

এদিন ষ্টেছনত গীত গাইছিল ৰাণুৱে, এতিয়া…

author-image
asomiyapratidin
New Update
এদিন ষ্টেছনত গীত গাইছিল ৰাণুৱে, এতিয়া…

ডিজিটেল ডেস্কঃ ভাগ্যই কাক কোন বাটে লৈ যায় সেয়া কোনেও নাজানে। বিলাসী জীৱন পাৰ কৰা এজনেও অৱশেষত ফুটপাথত শুব লগা হ'ব পাৰে, অথবা ফুটপাথত অন্ন, বস্ত্ৰ, বাসস্থান অবিহনেই পৰি ৰোৱা কোনো এজনো হৈ পৰিব পাৰে ৰাতিটোৰ ভিতৰতে জনপ্ৰিয়।

Advertisment

ৰাণু মণ্ডল কোনো চিনেমাৰ কাহিনীৰ চৰিত্ৰৰ নাম নহয়। পশ্চিম বংগৰ ৰাণাঘাট ষ্টেছনত গীত গাই ভীক্ষা অৰ্জন কৰা এগৰাকী সাধাৰণ ভিক্ষাৰী আছিল ৰাণু মণ্ডল। এদিন তেওঁৰ ওচৰত পিন্ধিবলৈ এখন শাৰীও নাছিল। নাছিল নিৰাপদ আশ্ৰয় স্থল। কিন্তু আছিল এটা সুমধুৰ কণ্ঠ। যি কণ্ঠই এতিয়া জনপ্ৰিয় কৰি তুলিছে ৰাণু মণ্ডলক। এতিয়া তেওঁৰ কাষলৈ ঢাপলি মেলিছে দেশৰ নামী দামী ৰিয়েলিটী শ্ব'ৰ কৰ্তৃপক্ষ। খবৰ অনুসৰি বলিউডৰ পৰাই প্ৰস্তাৱ লাভ কৰিছে ৰাণুৱে।

ষ্টেছনত এদিন গীত গাই ভীক্ষা খুজি আছিল ৰাণু মণ্ডলে। সেই সময়ত ষ্টেছনত কোনো এজন লোকে অনুধাৱন কৰিলে যে ৰাণুৰ কণ্ঠ সাইলাখ লতা দিদিৰ কণ্ঠৰ দৰেই। ক'তো গীত নিশিকাকৈ কেৱল শুনি শুনিয়ে লতা মংগেশকাৰৰ 'এক প্যাৰ কা নগমা হ্যে', 'কুছ পানা হ্যে, কুছ খোনা হ্যে' আদি গীত বোৰ নিখুটভাৱে গাব পৰা ৰাণু মণ্ডলৰ গীত ব্যক্তিজনে মোবাইল কেমেৰাৰে ৰেকৰ্ড কৰি পোষ্ট কৰিলে ছ'চিয়েল মিডিয়াত।

ছ'চিয়েল মিডিয়াত পোষ্ট কৰা ৰাণু মণ্ডলৰ সেই কণ্ঠই ভাগ্য সলনি কৰি দিলে। খুব কম সময়ৰ ভিতৰতে লাখ লাখ লাইক, কমেন্ট শ্বেয়াৰে মানুহৰ মাজত বিয়পাই পেলালে ৰাণু মণ্ডলৰ সুমধুৰ কণ্ঠ। যাৰ পিছত এসময়ৰ ভিক্ষাৰী ৰাণুক এতিয়া কোনেও চিনিব নোৱাৰা অৱস্থা হৈছে।

বিউটী পাৰ্লাললৈ লৈ যোৱা হৈছে ৰাণুক। চুলি ষ্ট্ৰেইট কৰোৱা হৈছে। দামী শাৰী পিন্ধাই সুন্দৰকৈ সজাই তোলা হৈছে টিভিৰ সাক্ষাৎকাৰৰ বাবে। সাৰেগামাপা কোম্পানীৰ তৰফৰ পৰাও এতিয়া ৰাণুক সম্বৰ্ধনা জনোৱা হৈছে। আমন্ত্ৰণ জনোৱা হৈছে অনুষ্ঠান পৰিৱেশনৰ বাবে।