৮৩ বছৰীয়া আব্দুল ছাছাই বৰ্তমানলৈ প্ৰস্তুত কৰি উলিয়াইছে প্ৰায় ৩০ লাখ জাতীয় পতাকা, সৰ্বত্ৰে চৰ্চা

৮৩ বছৰীয়া আব্দুল ছাছাই বৰ্তমানলৈ প্ৰস্তুত কৰি উলিয়াইছে প্ৰায় ৩০ লাখ জাতীয় পতাকা, সৰ্বত্ৰে চৰ্চা

author-image
asomiyapratidin
New Update
৮৩ বছৰীয়া আব্দুল ছাছাই বৰ্তমানলৈ প্ৰস্তুত কৰি উলিয়াইছে প্ৰায় ৩০ লাখ জাতীয় পতাকা, সৰ্বত্ৰে চৰ্চা

ডিজিটেল ডেস্ক: আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে এইবাৰ মোডী চৰকাৰে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ ঘোষণা কৰিছে। কিন্তু ইয়াৰ মাজতে চৰ্চাত আছে আব্দুল চাচা। ৮৩ বছৰীয়া এই লোকজনে ৪২ বছৰ ধৰি জাতীয় পতাকা বনোৱাৰ কাম কৰি আহিছে।

Advertisment

ৰাঞ্চীৰ নিৱাসী আব্দুল চাচা নামেৰে খ্যাত আব্দুল চাত্তাৰ নামৰ লোকজনে বৰ্তমানলৈ ২৫ ৰ পৰা ৩০ লাখ পতাকা প্ৰস্তুক কৰি উলিয়াইছে ।তেওঁ কয় যে এয়া তেওঁৰ বাবে ব্যৱসায় নহয়, এয়া এখ আৱেগ যিয়ে নিজৰ দেশৰ বাবে পতাকা বনোৱাত প্ৰেৰণা দিয়ে।

স্বাধীনতা দিৱস সমাগত। এই সময়ত তেওঁৰ অৰ্ডাৰৰ অভাৱ নাই।ওচৰৰ পাজৰৰ বিভিন্ন ঠাইলৈ তেওঁ পতাকা প্ৰেৰণ কৰে।হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সন্দৰ্ভত তেওঁ কয় যে ইয়ে গৌৰৱ আৰু বৃদ্ধি কৰিব। উল্লেখ্য যে আব্দুল,  তেওঁৰ পত্নী ফাতিমা খাতুন সহ পৰিয়ালৰ প্ৰতি গৰাকী সদস্যই এই পতাকা বনোৱাৰ কাম কৰে।

আৰু পঢ়ক: তিনিচুকীয়াত অলংকাৰিত মাছৰ চোৰাং বেহা…

independence day national flag