মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতি : বিষ্ণুপুৰত সান্ধ্য আইন জাৰি

শনিবাৰে নিশা মেইটেই সংগঠন আৰমবাই টেংগলৰ এজন নেতা আৰু কেইগৰাকীমান সদস্যক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। নেতাজনক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি ৰাজ্যখনৰ বিষ্ণুপুৰত হিংসাত্মক কাৰ্যকলাপত লিপ্ত হয় ভালেসংখ্যক লোক। 

author-image
Asomiya Pratidin
New Update
মণিপুৰ

ডিজিটেল ডেস্ক : অশান্ত মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ উঠিছে। হিংসাত্মক পৰিৱেশে বিৰাজ কৰিছে চুবুৰীয়া ৰাজ্যখনত।

Advertisment

শনিবাৰে নিশা মেইটেই সংগঠন আৰমবাই টেংগলৰ এজন নেতা আৰু কেইগৰাকীমান সদস্যক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। নেতাজনক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি ৰাজ্যখনৰ বিষ্ণুপুৰত হিংসাত্মক কাৰ্যকলাপত লিপ্ত হয় ভালেসংখ্যক লোক। 

উত্তেজিত একাংশ লোকে বিভিন্ন ৰাজহুৱা সা- সম্পত্তি ধ্বংস কৰাৰ লগতে বিমান বন্দৰ ঘেৰাও কৰে। একেদৰে পথৰ দাঁতিত ৰৈ থকা বাহন আদিতো জুই লগাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে প্ৰতিবাদকাৰীসকলৰ মাজৰে এজনে নিজৰ গাত জুই লগোৱাৰ চেষ্টা কৰে।

ইতিমধ্যে ৰাজ্যখনৰ আৰক্ষী তথা প্ৰশাসনে এই ঘটনাৰ পাছতে বিষ্ণুপুৰত ১০ দিনৰ বাবে সান্ধ্য আইন জাৰি কৰিছে। তাৰোপৰি ৫খন জিলাত ইন্টাৰনেট সেৱা সাময়িকভাৱে কৰ্তন কৰিছে। ইফালে এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোকে তদন্ত অৱ্যাহত ৰাখিছে।

মণিপুৰ