হিংসা জৰ্জৰ মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

হিংসা জৰ্জৰ মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
হিংসা জৰ্জৰ মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

ডিজিটেল সংবাদ,শিলচৰ: অশান্ত জৰ্জৰ মণিপুৰত পুনৰ হিংসাত্মক ঘটনা বৃদ্ধি পোৱাৰ পিচত উগ্ৰপন্থী আৰু অবৈধ মাৰণাস্ত্ৰ বিৰোধী অভিযান তীব্ৰতৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। কাংপকপি আৰু চূৰাচান্দপুৰ জিলাৰ বিভিন্ন এলেকাত অভিযান চলাই বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

Advertisment

অভিযান কালত কাংপকপি জিলাৰ পৰা এটা চেভেন পইন্ট ছিক্স টু এম এম স্নাইপাৰ ৰাইফল, দুটা পইন্ট টু টু ৰাইফল, এটা এছ বি বি এল বন্দুক, দুটা ৯ এম এম পিষ্টল, বিভিন্ন আকাৰৰ ৭ টা মৰ্টাৰ, তিনিটা বোমা, ১৪টা সতেজ গুলি ,মেগজিন সহ এটা ৫.৫৬ এম এম এছাল্ট ৰাইফল জব্দ কৰা হয়। সেইদৰে চূৰাচান্দ‌পুৰ জিলাত অভিযান চলাই ৫ টা বৃহৎ আকাৰৰ দেশত নিৰ্মিত মৰ্টাৰ, ১ টা পম্পি গান, ১ কিলোগ্ৰাম গান পাউদাৰ, ৮ কেজি পটাছ, ৫ টা দেশত নিৰ্মিত হেণ্ড গ্ৰেনেড, ১ কেজি ছডিয়াম, ২.৫ কেজি বিস্ফোৰক আৰু ১টা এক-৪৭ ৰাইফল জব্দ কৰা হয়।

লগতে বিষ্ণুপুৰ জিলাত কেবাটাও বাংকাৰ ধংসকৰে নিৰাপত্তা বাহিনীয়ে। মাৰণাস্ত্ৰ জব্দ কৰা হলেও কোনো লোকক আটক কৰিব পৰা নাই নিৰাপত্তা বাহিনীয়ে। আনহাতে, গুলিয়াগুলি এলেকাত চি আৰ পি বাহিনীয়ে এন্টিড্ৰোন যন্ত্ৰ ব্যৱহাৰ কৰি উগ্ৰপন্থীৰ ড্ৰোন ধংসৰ বাবে নতুন কৌশল আৰম্ভ কৰিছে।

manipur