ওদালগুৰিত বাঁহৰ পাৰ্কুপাইনেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ

খহনীয়া প্ৰতিৰোধৰ বাবে ওদালগুৰি জিলাৰ অন্তৰ্গত হৰিশিঙা- শিমলুগুৰিৰ ৰাইজে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। বাঁহৰ পাৰ্কুপাইনেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে হৰিশিঙা -শিমলুগুৰিৰ ৰাইজে।

author-image
Asomiya Pratidin
New Update
fhgj

ডিজিটেল ডেস্ক : খহনীয়া প্ৰতিৰোধৰ বাবে ওদালগুৰি জিলাৰ অন্তৰ্গত হৰিশিঙা- শিমলুগুৰিৰ ৰাইজে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। বাঁহৰ পাৰ্কুপাইনেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে হৰিশিঙা -শিমলুগুৰিৰ ৰাইজে। 

Advertisment

উল্লেখযোগ্য যে, বছৰ বছৰ ধৰি শিমলুগুৰি আৰু হৰিশিঙাবাসীয়ে ভোলা নদীৰ খহনীয়াৰ বাবে ভুগি আহিছে যমৰ-যাতনা। সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে চৰকাৰলৈ বাট নাচাই ৰাইজৰ পৰা পইচা তুলি বাঁহৰ পাৰ্কুপাইনেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলায়।

প্ৰণিধানযোগ্য যে, স্থানীয় পাৰিষদ তথা বিধায়কক বহুতো আবেদন জনালে যদিও আজিলৈকে কোনো ধৰণৰ ব্যবস্থা গ্ৰহন নকৰাত অতিষ্ঠ হৈ পৰে দুয়োখন গাঁৱৰ ৰাইজ। বিগত চাৰি-পাঁচ বছৰৰে পৰা ভোলা নদীৰ খহনীয়া ইমানেই জীয়াতু ভুগাই আহিছে যে, শিমলুগুৰিৰ ৰাজহুৱা কৱৰস্থান খহনীয়াৰ কবলত পৰি মৃতদেহ ভোলানদীত উটি গৈছিল। 

তেতিয়াৰে পৰাই শিমলুগুৰিবাসীয়ে প্ৰত্যেক বছৰেই ৰাজহুৱাভাৱে ভোলা নদীৰ দুয়োপাৰে বাঁহৰ পাৰ্কুপাইন মাৰি খহনীয়া প্ৰতিৰোধৰ ব্যবস্থা গ্ৰহন কৰে। এই সন্দৰ্ভত স্থানীয় লোকে কয়- ‘আমি চৰকাৰ তথা জনপ্ৰতিনিধক বহুবাৰ আবেদন জনাইছো, কিন্তু এই ক্ষেত্ৰত তেওঁলোকে একোৱেই গুৰুত্ব দিয়া নাই।‘

udalguri