Advertisment

সমষ্টি পুনঃনিৰ্ধাৰণৰ পিছতেই বিপাঙত ডিব্ৰুগড়ৰ উদয়পুৰবাসী ৰাইজ…

সমষ্টিৰ পুনঃনিৰ্ধাৰণৰ পিছতেই আউল লাগিছে ডিব্ৰুগড়ৰ চিৰিং দাইনিজান পঞ্চায়তৰ উদয়পুৰবাসী ৰাইজৰ মাজত। সমষ্টিৰ পুনঃনিৰ্ধাৰণৰ পিছত পূৰ্বৰ চিৰিং দাইনিজান পঞ্চায়তৰ অন্তৰ্গত ৪ নং ৱাৰ্ডটো ৰজাভেটা পঞ্চায়তৰ ১০ নং ৱাৰ্ডলৈ পৰিগণিত হয়। 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বৰবৰুৱাঃ সমষ্টিৰ পুনঃনিৰ্ধাৰণৰ পিছতেই আউল লাগিছে ডিব্ৰুগড়ৰ চিৰিং দাইনিজান পঞ্চায়তৰ উদয়পুৰবাসী ৰাইজৰ মাজত। সমষ্টিৰ পুনঃনিৰ্ধাৰণৰ পিছত পূৰ্বৰ চিৰিং দাইনিজান পঞ্চায়তৰ অন্তৰ্গত ৪ নং ৱাৰ্ডটো ৰজাভেটা পঞ্চায়তৰ ১০ নং ৱাৰ্ডলৈ পৰিগণিত হয়। 

Advertisment

অভিযোগ অনুসৰি চিৰিং দাইনিজানৰ ৪ নং ৱাৰ্ডটো বিগত দিনত স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টি নাছিল কিন্তু বৰ্তমান ওচৰতে থকা চিৰিং দাইনিজান গাঁও একলগ হোৱাত উদয়পুৰবাসী ৰাইজ সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে। দাইনিজান গাঁৱৰ সৈতে একলগ নকৰিবলৈও দাবী উত্থাপন কৰিছে উদয়পুৰ বাসী ৰাইজে।

নতুন আইন অনুসৰি অনা ST লোকে স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভূমি কিনা-বেচা কৰিব নোৱাৰিব। তাৰোপৰি উদয়পুৰৰ গৰিষ্ঠ সংখ্যক লোক অনা ST। গতিকে বিভাগীয় মন্ত্ৰী আৰু জিলা পৰিষদে এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।
 

ডিব্ৰুগড়