/asomiyapratidin/media/media_files/2025/07/25/bpf-2025-07-25-20-45-34.jpg)
ডিজিটেল সংবাদ, বাক্সা : বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে মাৰবান্ধি থিয় হৈছে প্ৰতিটো ৰাজনৈতিক দল । বিজেপি-ইউপিপিএলৰ সমান্তৰালকৈ সোতৰ বছৰে বিটিচি শাসনৰ বাঘজৰী হাতত ৰখা বিপিএফেও গাঁৱে-ভূঞে সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে ।
বাক্সা জিলাৰ দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থমনাত শুকুবাৰে বিপিএফে অনুষ্ঠিত কৰে গাঁওসভা । থমনা বজাৰত অনুষ্ঠিত এই সভাত কেবাগৰাকীও মহিলাই বিপিএফ দলৰ কাম-কাজত সন্তুষ্ট হৈ দলটোত যোগদান কৰে ।
তেওঁলোকে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলেহে উন্নয়নৰ কাম হাতত লয় বুলি মন্তব্য কৰে । ইফালে সভাত উপস্থিত থাকি বিপিএফৰ শীৰ্ষ নেতা জয়লাল পোখ্ৰেলে দিহিৰাত আগষ্টুচ তিগ্গাক জয়ী কৰিবলৈ বিপিএফৰ নেতা-কৰ্মী বদ্ধপৰিকৰ বুলি মন্তব্য কৰে ।