ডিজিটেল ডেস্কঃ লঘু দোষত পথৰ মাজতে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই আইন হাতত তুলি লোৱা বিষয়টোক লৈ ভিন্ন মহলত অব্যাহত আছে। শেহতীয়াকৈ এই বিষয়টোক লৈ মুখ খুলিছে অৱসৰপ্ৰাপ্ত উচ্চপদস্থ আৰক্ষী বিষয়া ভায়লেট বৰুৱাই।
অসম আৰক্ষীত দীৰ্ঘদিন কৰ্মৰত, অভিজ্ঞতাৰে পুষ্ট অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এই সমগ্ৰ বিষয়টোৰ বাবে ভাৰ্গৱ বৰবৰাৰ লগতে অসম আৰক্ষীৰ উচ্চ পদস্থ বহু বিষয়াক আওপকীয়াকৈ দোষাৰোপ কৰিলে। সামাজিক মাধ্যমৰ এটা পোষ্টত বৰুৱাই লিখিছে- সিংঘম পুলিচ অকল চিনেমাতহে ভাল লাগে। গুণ্ডা ৰূপী এইজন আৰক্ষী পৰিদৰ্শকক কোন কেইটা যোগ্যতাৰ বাবে পুলিচৰ ওপৰমহলে পানবজাৰৰ দৰে এখন গুৰুত্বপূৰ্ণ আৰক্ষী থানা এখনৰ OC পদত বহুৱাইছিল? ওপৰ গধূৰ আৰক্ষী বিভাগে এই বিষয়ে কিবা কবনে?
ভাৰ্গৱ বৰবৰাৰ পূৰ্বৰ কাৰ্যকলাপ সাঙুৰি অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে লগতে লিখিছে- শুনা মতে এইজন আৰক্ষী বিষয়াই আন আন থানাত থাকোতেও নানা ধৰণৰ দুষ্কাৰ্য কৰিও সুকলমে বৰমুৰীয়াৰ আশীষ লাভ কৰিবলৈ সক্ষম হৈছিল। এতিয়া নিয়ম বহিৰ্ভূত body fitting ইউনিফৰ্ম পিন্ধি সিংঘম style ত গুণ্ডা গিৰি কৰি সমস্ত পুলিচ বিভাগটোলৈ দুৰ্নাম আনিছে। কিন্তু এইবাৰ ৰাইজে উভতি ধৰাৰ পাছত কথা বিষম দেখি 'তাৎক্ষণিক ভাবে নিলম্বন' কৰি বিভাগটোৱে দায় সাৰিব খুজিছে।
এই ঘটনা তথা অসম আৰক্ষীত এনে ঘটনা সংঘটিত হোৱাৰ আঁৰত আৰক্ষীৰ উচ্চ পদস্থ এক চক্ৰক জগৰীয়া কৰি তেওঁ কয়- গতিকে এই ক্ষেত্ৰত আপোনা সকলো সমানেই জগৰীয়া। কাৰণটো নিজকে শুধি লওক। তাৰোপৰি অপৰাধ কৰা এইজন বিষয়াৰ ওপৰত মহানগৰ পুলিচৰ ফালৰ পৰা এটা suo moto কেচ লবও পাৰিলে হেঁতেন, ভুক্তভোগীৰ পৰা FIR লবলৈ কিয় ৰখি থাকিব লাগে। আপোনাসবে সময়ে সময়ে সামাজিক মাধ্যমত ৰাইজক নীতি শিক্ষা দিয়াৰ ওপৰিও বিভাগটোৰ ভিতৰত থকা এইচাম উদণ্ড বিষয়াক ৰাইজৰ সুৰক্ষা প্ৰদান কৰিবলৈ শিক্ষা দি যোগ্য কৰি তোলক। ৰাইজৰ ধনেৰে দৰমহা দি ভেৰোণীয়া গুণ্ডা নুপুহিব।
উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰিছে ভুক্তভোগী যুৱকগৰাকীয়ে।