দেউলীয়া হোৱা নাই বিজয় মালিয়া! পুত্ৰৰ নামতেই আছে ৩৮কোটি ডলাৰ সম্পত্তি...

ডিঙিৰ লৈকে ধাৰ তেওৰ। ভাৰতীয় ১৭টা বেংকত প্ৰায় ১৪হাজাৰ কোটি টকাৰ ঋণ লৈ তেও দেশ এৰি এতিয়া বিদেশত আশ্ৰয় লৈছে। এসময়ত কি নাছিল তেওৰ। সুৰাৰ পৰা বিমান ব্যৱসায়,

New Update
malla

ডিজিটেল ডেস্কঃ ডিঙিৰ লৈকে ধাৰ তেওৰ। ভাৰতীয় ১৭টা বেংকত প্ৰায় ১৪হাজাৰ কোটি টকাৰ ঋণ লৈ তেও দেশ এৰি এতিয়া বিদেশত আশ্ৰয় লৈছে। এসময়ত কি নাছিল তেওৰ। সুৰাৰ পৰা বিমান ব্যৱসায়, খেলৰ পৰা শ্বেয়াৰ মাৰ্কেট সকলোতে আছিল তেওৰ দখল। ভাৰত তথা বিশ্বৰ বাণিজ্য ক্ষেত্ৰত তেওৰ আছিল দখল।  কিন্তু নাৰী, সুৰা আৰু কিছু ভুল নীতিৰ বাবে দেউলীয়া হোৱা বিজয় মালিয়া পুনৰ ৯বছৰৰ মূৰত চৰ্চালৈ আহিছে। 

Advertisment

এটা বিশেষ পডকাষ্টত বিজয় মালিয়াই তেওৰ বিৰুদ্ধে থকা অভিযোগ আৰু ভাৰতলৈ পুনৰ প্ৰত্যাৱৰ্তনক লৈ মুখ খুলিছে। মূৰৰ ওপৰত ইমানবোৰ ধাৰ থকা স্বত্ত্বেও তেও কেনেদৰে বিদেশত বিলাসী জীৱন কটাইছে তাৰ সন্দৰ্ভতো আভাস দিলে উক্ত সাক্ষাতকাৰত। ভাৰত চৰকাৰে দাবী কৰি থকাৰ দৰে তেও পলৰীয়া নহয় বুলিও আত্মপক্ষ সমৰ্থন কৰি বিশেষ চৰ্ত ভাৰত চৰকাৰে মানি ললে ভাৰতলৈ আহিবলৈ সাজু বুলিও প্ৰকাশ কৰিলে মালিয়াই।

বিজয় মালিয়াই দাবী কৰে যে, তেও ভাৰতীয় বেংকসমূহত থকা ঋণৰ বহু অংশ ইতিমধ্যে পৰিশোধ কৰিছে। বাকী থকা অংশয়ো তেও দিবলৈ সাজু বুলি বেংকত জনাইছিল যদিও, বেংক কৰ্তৃপক্ষই চৰকাৰৰ ৰোষত পৰাৰ ভয়ত সেই ধন লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে মালিয়াই। 

তেও লগতে কয় যে, যদিও মোৰ ওপৰত ১৪হাজাৰ কোটি টকাৰ ঋণ আছে বুলি ভাৰত চৰকাৰে দাবী কৰিছে আচলতে বৰ্তমান ঋণ আছে ৬,২০৩কোটি টকা। যদিও ১৪হাজাৰ কোটি টকা বুলি ধৰা হয়, তেন্তে মোৰ ১৪হাজাৰ কোটিৰো অধিক সম্পত্তি ইতিমধ্যে নিলাম কৰিছে ভাৰত চৰকাৰে।

ব্যৱাসায়িক দিশত ব্যাপক ক্ষতি বা দেউলীয়া হোৱাৰ পিছতো বৰ্তমান লণ্ডনত এটা বিলাসী বাংলোত বাস কৰে মালিয়া আৰু তেওৰ পৰিয়ালে। যোৱা বছৰ বিজয় মালিয়াৰ পুত্ৰ সিদ্ধাৰ্থ মালিয়া বিবাহ পাশত আৱদ্ধ হৈছে বিদেশতে। বিজয় মালিয়াৰ দৰে পুত্ৰ সিদ্ধান্তৰ অৱশ্যে ব্যৱসায়ত কোনো ৰাপ নাই। তাৰ পৰিৱৰ্তে মডেলিং আৰু অভিনয়ৰ জৰিয়তে কেৰিয়াৰৰ পাতনি মেলিছিল সিদ্ধাৰ্থই।

বৰ্তমান মানসিক স্বাস্থ্য উন্নতকৰণৰ এক বিশেষ প্ৰকল্পত কৰ্মৰত হৈ আছে সিদ্ধাৰ্থ। পুত্ৰৰ উপৰিও ৩গৰাকী কন্যাক পিতৃ হৈছে বিজয় মালিয়া। এই ৩গৰাকী কন্যাও ভিন্ন দেশত বাস কৰে। শেহতীয়াকৈ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, পিতৃৰ সম্পত্তিৰ উপৰিও প্ৰায় ৩৮কোটি ডলাৰৰ সম্পত্তিৰ মালিক সিদ্ধাৰ্থ মালিয়া। 

 

ভাৰত