অভিনেতা বিজয়ৰ ৰেলীত অঘটন, ৩৬ জনৰ মৃত্যু...

প্ৰখ্যাত অভিনেতা তথা তামিলাগা ভেট্ৰি কাঝাগামৰ (TVK) সভাপতি বিজয় কুমাৰে অংশগ্ৰহণ কৰা এক ৰেলীত সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ । খবৰ অনুসৰি, বাতৰি লিখা পৰলৈকে ৩৬ জন লোকৰ মৃত্যু হৈছে । জানিব পৰা

author-image
Asomiya Pratidin
New Update
rrrrr

ডিজিটেল ডেস্কঃ  প্ৰখ্যাত অভিনেতা তথা তামিলাগা ভেট্ৰি কাঝাগামৰ (TVK) সভাপতি বিজয় কুমাৰে অংশগ্ৰহণ কৰা এক ৰেলীত সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ । খবৰ অনুসৰি, বাতৰি লিখা পৰলৈকে ৩৬ জন লোকৰ মৃত্যু হৈছে । জানিব পৰা মতে, ৫৮ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে ।

পৰিস্থিতিৰ বুজ ল’বলৈ কাৰুৰত উপস্থিত হয় তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন । তেওঁ কাৰুৰ চিকিৎসালয়সমূহক পৰ্যাপ্ত সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । খবৰ অনুসৰি শনিবাৰে তামিলনাডুৰ কাৰুৰত বিজয় কুমাৰৰ উপস্থিতিৰ সময়ত এক বৃহৎ জনসমাগম সমবেত হয় ।

ততাতৈয়াকৈ আৰক্ষীয়ে অচেতন লোকসকলক এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । জানিব পৰা মতে, এই পৰ্যন্ত চিকিৎসা অবিহনে ৩৬ জন লোকৰ মৃত্যু হৈছে । সংকটজনক অৱস্থাত ৫৮ জনতকৈ অধিক লোক বৰ্তমান চিকিৎসাধীন হৈ আছে ।

এনে পৰিস্থিতিত বিষয়ে তথ্য লাভ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী ষ্টেলিনে চিকিৎসালয়সমূহ সাজু হ’বলৈ নিৰ্দেশ দিয়ে । লগতে মন্ত্ৰী এম সুব্ৰমণিয়াম আৰু অনবিল মহেশক ব্যক্তিগতভাৱে সেই স্থানলৈ যাবলৈ নিৰ্দেশ দিয়ে । ইফালে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তামিলনাডুৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) ডেভিডছন দেৱচিৰৱথে ঘটনাস্থলীলৈ ৰাওনা হৈছে ।

    বিজয় থালাপতি