/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e1d4739c-acbe-4938-9087-6f06fc409321/basugaon_20.jpg)
basugaon
ডিজিটেল সংবাদ চিৰাংঃ সদৌ বাসুগাঁও দুৰ্গাপূজা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ধানবজাৰ দুৰ্গা মন্দিৰ প্ৰাংগনত বিজয়া সন্মিলন অনুষ্ঠিত হয় । বন্তি প্ৰজ্বলনৰ মাজেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য তথা বৰ্তমানৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে ।
বিশিষ্ট সংগীত শিল্পী মৃদুল দাসৰ নেতৃত্বত প্ৰথমে অনুষ্ঠানত সমবেত সংগীত পৰিৱেশন কৰা হয় । তাৰ পিছতেই বিজয়া সন্মিলনৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি বাসুগাঁও অঞ্চলৰ জ্যেষ্ঠ নাগৰিকৰ পৰা আৰম্ভ কৰি সমাজৰ বিভিন্ন স্তৰৰ শতাধিক ব্যক্তিক ফুলাম গামোচা, আৰনাই আৰু উত্তৰীয়ৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b6a9055f-b246-41c4-bded-d74aea191396/d8383705_5edf_4787_a0d0_04cb38dfb2de.jpg)
অনুষ্ঠানত বিশিষ্ট শিক্ষক তথা বাসুগাঁও ষ্টেচন ৰোড দুৰ্গাপূজা সমিতিৰ সভাপতি প্ৰদ্যুত গোস্বামীয়ে তেখেতৰ ভাষণত বিজয়া সন্মিলনৰ তাৎপৰ্য্য ব্যাখ্যা কৰাৰ লগতে দুৰ্গাপূজাৰ আধ্যাত্মিক দিশৰ ওপৰত আলোকপাত কৰে । ২০১৭ চনত বৃহত্তৰ বাসুগাঁও অঞ্চলৰ ২২ খন সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ বিষয়ববীয়াসকলক একত্ৰিত কৰি কিদৰে আজিৰ সদৌ বাসুগাঁও দুৰ্গাপূজা সমিতি সমন্বয়ৰক্ষী সমিতিখন গঠন কৰা হয় তাৰ ইতিহাস দাঙি ধৰে।
আজিৰ এই বিজয়া সন্মিলনৰ অনুষ্ঠানত সংগতি পৰিবেশন কৰি উপস্থিত দৰ্শকসকলৰ মন জয় কৰে সংগীত শিল্পী ক্ৰমে মৃদুল দাস, অজিত নন্দী আৰু দীপক চেটাৰ্জীয়ে । বিশিষ্ট নৃত্য শিল্পী নৱনীতা দেৰ তত্ত্বাৱধানত কণ কণ শিশু শিল্পীসকলৰ দলীয় নৃত্য প্ৰদৰ্শনে অনুষ্ঠানক এক অন্য মাত্ৰা প্ৰদান কৰে ।
আজিৰ এই বাসুগাঁও চহৰৰ এই বিজয়া সন্মিলনৰ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য তথা বৰ্তমানৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰী, বিটিচিৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমানৰ পাৰিষদ পানীৰাম ব্ৰহ্ম, চিৰাঙৰ উপ-আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকা, সদৌ বিটিচি বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ জিলা সভাপতি শুভ মজুমদাৰ, চিকিৎসক গন্ধেশ্বৰ হাজোংকে আদি কৰি বহু আমন্ত্ৰিত ব্যক্তি।
অনুষ্ঠানৰ অন্তত বঙাইগাঁৱৰ পৰা আমন্ত্ৰিত "ব্যাণ্ড লয়" ৰ শিল্পী সকলে সংগীত পৰিবেশন কৰে । আজিৰ এই বিজয়া সন্মিলন অনুষ্ঠান সঞ্চালনা কৰে বিশাল পালে ।