নগাঁৱত বিজয় শংকৰ শইকীয়া সোঁৱৰণী নাট কৰ্মশালা

১০দিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাখনিত ১৪ বছৰৰ অনুৰ্ধ্বৰ সকলে 'ক' শাখা আৰু ১৪ বছৰৰ উৰ্ধৰসকলে 'খ' শাখাত অংশগ্ৰহণ কৰিব পাৰিব।

author-image
Asomiya Pratidin
New Update
cxcxcxcxc

ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ পূব প্ৰান্তত অৱস্থিত কৰৈয়ণি বাৰগঞা সমাজৰ প্ৰাচীন মন্দিৰৰ নাটঘৰত চতুৰ্থবাৰৰ বাবে জ্যোতিশিল্পৰ উদ্যোগত আৰু কলংপৰীয়া বাৰগঞা সমাজৰ সহযোগত অনুষ্ঠিত হৈছে বিজয় শংকৰ শইকীয়া সোঁৱৰণী নাট কৰ্মশালা। ১০দিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাখনিত ১৪ বছৰৰ অনুৰ্ধ্বৰ সকলে 'ক' শাখা আৰু ১৪ বছৰৰ উৰ্ধৰসকলে 'খ' শাখাত অংশগ্ৰহণ কৰিব পাৰিব। লগতে দুইটা শাখাৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ কৰ্মশালাৰ শেষত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দুখনকৈ নাটক মঞ্চস্থ কৰাৰ দিহা কৰিছে আয়োজক মণ্ডলীয়ে। 

Advertisment

সাংবাদিক বীৰেণ বৰাই আঁত ধৰা সভাখনিৰ আৰম্ভণিতে বিজয় শংকৰ শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে কলংপৰীয়া বাৰগঞা সমাজৰ সম্পাদক দিলীপ বৰাই। কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ পৰাণ গোস্বামী আৰু বিশিষ্ট নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক নিৰুপম কোচে বিজয় শংকৰক সোঁৱৰণ কৰে। কৰ্মশালাৰ উদ্বোধক হিচাপে উপস্থিত থাকে চিকিৎসক তথা বিশিষ্ট অভিনেত্ৰী, নাটক সংগঠক ড° জাহানাৰা বেগম। নাটকৰ কৰ্মশালাৰ মুকলি অনুষ্ঠানত বেহাৰবাৰী খ্যাত অভিনেতা ৰাকেশ (ৰিন্টু শইকীয়া), অসমীয়া ছবিজগতৰ বিশিষ্ট অভিনেত্ৰী অশ্ৰুমণি বৰা, চতিয়াৰ অভিনেত্ৰী নয়ন মণি বৰা ,মুৰুলী গোস্বামীকে ধৰি অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

NOGAON