/asomiyapratidin/media/media_files/2024/12/20/4EcKpYUHZatQCVdS5JWJ.jpg)
dhan
ডিজিটেল সংবাদ, ধেমাজি : শুক্ৰবাৰে বিয়লি ৩-০০ বজাত ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগৰ মৰিধলত অবৈধভাৱে ধান ক্ৰয় কৰি জমা কৰা অপৰাধত ৰামপিট সিং আৰু চিদ্ধু ৰাঠী নামৰ ব্যৱসায়ী দুজনৰ পৰা মুঠ ৬০০ বেগ ধান জব্দ কৰে ধেমাজি চক্ৰ পৰ্য্যায়ৰ খাদ্য ও ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভিজিলেঞ্চ সমিতিৰ সৈতে যোৱা কাৰ্য্যবাহী দণ্ডাধীশে ৷ উল্লেখ্য যে ইতিমধ্যে চৰকাৰে কৃষকসকলৰ সুবিৰ্ধাৰ্থে প্ৰতিখন জিলাতে ধান ক্ৰয় আৰু জমা কৰা অনুমোদিত লাইচেঞ্চপ্ৰাপ্ত ব্যৱসায়ীসকলেহে কৃষকসকলৰ পৰা চৰকাৰে ইতিমধ্যে নিৰ্ধাৰণ কৰি দিয়া ২হেজাৰ ৩শ টকাৰ মূল্যত ধান ক্ৰয় কৰি জমা কৰা অধিকাৰ থাকে ৷
/asomiyapratidin/media/media_files/2024/12/20/j9dBKFYrkGVwsCdProtp.jpg)
কিন্তু ইয়াৰ বিপৰীতে এই দুই ব্যৱসায়ীয়ে এনে কোনো লাইচেঞ্চ নথকাকৈ গাঁৱৰ সাধাৰণ কৃষকসকলৰ পৰা ১৯ শ টকাকৈ অবৈধভাৱে ধান ক্ৰয় কৰা লগতে জমা কৰি ৰাখিছিল ৷ ধেমাজি খাদ্য ও ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক সৌৰভ দত্ত আৰু সহকাৰী আয়ুক্ত তথা কাৰ্য্যবাহী দণ্ডাধীশ জিষ্ণু শইকীয়াৰ সৈতে ধেমাজি চক্ৰ পৰ্যায়ৰ ভিজিলেঞ্চ সমিতিয়ে গৈ ধান জব্দ কৰে ৷
/asomiyapratidin/media/media_files/2024/12/20/C6sCO3NsqKfqUMm9Z9wA.jpg)
ইতিমধ্যে জব্দ কৰা ধানৰ বেগসমূহ চিলাপথাৰ ধান ক্ৰয় কেন্দ্ৰলৈ নি জমা কৰি ৰাখিছে বুলি বিভাগৰ পৰিদৰ্শকগৰাকীয়ে জনাইছে ৷