এতিয়াৰে পৰা টীম ইণ্ডিয়াৰ খেলুৱৈৰ অনুশীলনত প্ৰৱেশ কৰিব নোৱাৰিব দৰ্শক

ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগীসকলৰ বাবে দুঃখবৰ ! এতিয়াৰে পৰা দৰ্শকে চাব নোৱাৰিব টীম ইণ্ডিয়াৰ খেলুৱৈসকলে কৰা অনুশীলন...

author-image
Asomiya Pratidin
New Update
team india

ডিজিটেল ডেস্ক : ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগীসকলৰ বাবে দুঃখবৰ ! এতিয়াৰে পৰা দৰ্শকে চাব নোৱাৰিব টীম ইণ্ডিয়াৰ খেলুৱৈসকলে কৰা অনুশীলন। নতুন নিয়ম অনুসৰি টীম ইণ্ডিয়াৰ খেলুৱৈসকলে অনুশীলন কৰাৰ সময়ত ষ্টেডিয়ামত প্ৰৱেশ কৰিব নোৱাৰিব কোনো দৰ্শক। এই কথা সদৰী কৰিছে বি চি চি আইৰ এক সূত্ৰই।

Advertisment

উল্লেখযোগ্য যে ভাৰতীয় ক্রিকেট দলৰ অনুৰোধৰ পিচত এই নিয়ম বান্ধি দিয়া হৈছে। টীম ইণ্ডিয়াৰ খেলুৱৈসকলক অনুশীলনৰ সময়ত উচটনি দিয়াৰ বাবেই আগত দিনত অনুশীলনত দর্শকৰ প্রৱেশ নিষিদ্ধ কৰা হৈছে। 

আনহাতে ভাৰত-অষ্ট্ৰেলিয়াৰ শৃংখলাত ইয়াৰ পূর্বে বর্ণবিদ্বেষী ঘটনা সংঘটিত হৈছে। মহম্মদ ছিৰাজৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল দর্শকে। ২০২০-২১ ছিজনৰ সেই ঘটনাৰ পুনৰাবৃত্তি বিচৰা নাই অষ্ট্ৰেলিয়া ক্রিকেট ব'র্ডে। 

ক্রিকেট অষ্ট্ৰেলিয়াৰ এই ঘোষণাৰ দিনাই ভাৰতীয় দলৰ অনুশীলনত দর্শকৰ প্রৱেশ বন্ধ কৰি দিয়া হৈছে। এডিলেইডত ভাৰতৰ অনুশীলনৰ সময়ত প্রায় তিনি হেজাৰ দর্শক ষ্টেডিয়ামত উপস্থিত আছিল। উক্ত সময়ছোৱাত দলৰ কোনো এগৰাকী ক্রিকেটাৰৰ শৰীৰক লৈ কটাক্ষ কৰিছিল বুলিও জানিব পৰা গৈছে। 

তদুপৰি অধিনায়ক ৰোহিত শর্মা আৰু ঋষভ পণ্টক ছিক্সাৰ কোবোৱাৰ বাবে উচটনি দিছিল, যিয়ে ভাৰতৰ অনুশীলনত ব্যাঘাত জন্মাইছিল বুলি জানিব পৰা গৈছে। ইফালে অষ্ট্ৰেলিয়াৰ অনুশীলনত ৭০ গৰাকী দর্শকহে উপস্থিত থকা বুলি ভাৰতীয় দলৰ এগৰাকী সদস্যই জনাইছে। ইয়াৰ পিচত টীম ইণ্ডিয়াৰ অনুৰোধৰ পৰিপ্রেক্ষিতত দর্শকৰ প্রৱেশ নিষিদ্ধ কৰা হৈছে।

team india