'মই ভাগৰা নাই, অসমৰ ৰাইজ লগত থাকিলেই হ'ল'- নিজৰ স্থিতিত অটল ভিক্টৰ দাস...

পুনৰ আৰক্ষীৰ জিম্মাৰ পৰাই চিঞঁৰি চিঞঁৰি ক'লে- মই ভাগৰা নাই...

author-image
Asomiya Pratidin
New Update
'মই ভাগৰা নাই, অসমৰ ৰাইজ লগত থাকিলেই হ'ল'- নিজৰ স্থিতিত অটল ভিক্টৰ দাস...

victor das victor das

ডিজিটেল ডেস্কঃ 'অসমৰ ৰাইজ থাকিলেই হ'ল, মই এতিয়াও ভাগৰা নাই। মই জিকিবই লাগিব।' - এইদৰেই পুনৰ আৰক্ষীৰ জিম্মাৰ পৰাই চিঞঁৰি চিঞঁৰি সংবাদ মাধ্যমৰ আগত অসমৰ ৰাইজক উদ্দেশ্যি আকৌ এবাৰ ক'লে ভিক্টৰ দাসে। ২৬ হাজাৰ পদৰ নিযুক্তিত প্ৰাক্তন বিধায়কৰ নেতৃত্বত একাংশই চাকৰিৰ বজাৰ মেলাৰ ৰাজহুৱা অভিযোগ দিয়াৰ পিছতে কেইবাটাও ধাৰাত গোচৰ পঞ্জিয়ন কৰি আৰক্ষীয়ে নিজৰ জিম্মাত লোৱা ভিক্টৰ দাসে আজি পুনৰ বাৰ এইদৰে চিঞঁৰি চিঞঁৰি কৈ নিজৰ পূৰ্বত স্থিতিত অটল থকাৰ কথা দোহাৰে।

Advertisment

উল্লেখ্য যে, ভিক্টৰ দাসে চাকৰিৰ নামত একাংশই বজাৰ মেলাৰ অভিযোগ দিয়াৰ পিছতে তেওঁৰ অভিযোগ অসত্যৰ আধাৰত প্ৰতিষ্ঠিত তথা ভুৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰি তেওঁৰ বিৰুদ্ধে ডকাইতি, ধৰ্মীয় উত্তেজনা বৃদ্ধিৰ চেষ্টাকে ধৰি কেইবাটাও গোচৰ ৰুজু কৰি আৰক্ষীয়ে ৭ দিনৰ বাবে নিজৰ জিম্মাত লৈছিল। তাৎপৰ্যপূৰ্ণ ভাৱে ভিক্টৰ দাসৰ অভিযোগ ভুৱা বুলি আৰক্ষীয়ে বাৰে বাৰে সংবাদ মাধ্যমৰ আগত কৈ থকাৰ সময়তে আৰক্ষীয়ে বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো চাকৰিৰ দালালক গ্ৰেপ্তাৰ কৰিছে।

যোৰহাট, শোণিতপুৰৰ পৰা সেনা বাহিনীৰ নিযুক্তিৰ নামত দালালি কৰা কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত গুৱাহাটীৰ হোটেলৰ পৰা জলসম্পদ বিভাগৰ চাকৰিৰ নিযুক্তিৰ নামত দালালি কৰা বহু কেইজন লোকক আটক কৰিছে। আনকি সংবাদ মাধ্যমৰ লোকো এই চাকৰিৰ দালালি কৰাৰ অভিযোগত আৰক্ষী থানাৰ আলহী হ'বলগীয়া হৈছে।

একে সময়তে আকৌ লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ নিযুক্তিতো বহু কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে। বিজেপি সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধেও মুকলিকৈ উত্থাপন হৈছে চাকৰিৰ নামত ধন বিচৰাৰ অভিযোগ।

অসম আৰক্ষীয়ে ভিক্টৰৰ অভিযোগ অসত্য বুলিও ক'লেও শেহতীয়াকৈ ৰাজ্যজুৰি যিদৰে চাকৰিৰ দালালক আটক কৰা হৈছে তাৰ পৰাই ভিক্টৰৰ অভিযোগ সম্পূৰ্ণ অসত্য বুলি একাষাৰতে কৈ দিব নোৱাৰি। আৰক্ষীয়ে আজি কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতত ভিক্টৰক হাজিৰ কৰিবলৈ অনাৰ সময়তে পূৰ্বৰ স্থিতিত অটল থকাৰ কথা প্ৰকাশ কৰি চিঞঁৰি চিঞঁৰি কয়- মই ভাগৰা নাই।

উল্লেখ্য যে, নিযুক্তি কেলেংকাৰীয়ে শেহতীয়াকৈ ৰাজ্যজুৰি তোলপাৰ লগাইছে। ভিক্টৰ দাসৰ পিছে পিছে তেওঁৰে একাংশ শিক্ষাৰ্থীয়েও অনুৰূপ অভিযোগ উত্থাপনৰ লগতে তেওঁলোকৰ হাতত থকা সকলো তথ্য আৰক্ষী অৱগত কৰিছে। আনহাতে শেহতীয়াকৈ প্ৰকাশ পোৱা লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ নিযুক্তি পৰীক্ষাত উকা উত্তৰ বহী জমা দিয়া পৰীক্ষাৰ্থীৰো নাম নিযুক্তিৰ তালিকাত সন্নিৱিষ্ট হোৱাৰ বিষয়ে তথ্য সহকাৰে অভিযোগ উত্থাপন কৰিছে জুৰিয়াৰ বিশেষ ভাৱে সক্ষম যুৱক আমিনুল হকে। এনে প্ৰেক্ষাপটত আৰক্ষীয়ে বাৰে বাৰে ভিক্টৰৰ অভিযোগবোৰ অসত্য বুলি কলেও সম্পূৰ্ণৰূপে যে ভিক্টৰ দাসৰ অভিযোগ অসত্য নহয় সেই কথাকে প্ৰমাণ কৰে।

assa victor das job scam Assam police