ন্যায়ালয়ত অসম আৰক্ষীৰ মুখ ঠেকেচাঃ পূৰ্ণ পৰ্যায়ৰ জামিন পালে ভিক্টৰ দাসে...

কেচ ডায়েৰীত নাই কোনো তথ্য...

author-image
Asomiya Pratidin
New Update
ন্যায়ালয়ত অসম আৰক্ষীৰ মুখ ঠেকেচাঃ পূৰ্ণ পৰ্যায়ৰ জামিন পালে ভিক্টৰ দাসে...

victor das

ডিজিটেল ডেস্কঃ অৱশেষত ন্যায়ালয়ে পূৰ্ণ পৰ্যায়ৰ জামিন লাভ কৰিলে ভিক্টৰ দাসে। অসম চৰকাৰৰ ২৬ হাজাৰ নিযুক্তিত দালাল চক্ৰই ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰি কেইবাটাও ভুৱা গোচৰত গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসক গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰথম পৰ্যায়ত যোৱা ২৯ ছেপ্টেম্বৰত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ পাছত আজি পূৰ্ণ পৰ্যায়ৰ জামিন প্ৰদান কৰিলে।

Advertisment

ভিক্টৰ দাসৰ জামিন সন্দৰ্ভত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হোৱা শুনানিত গোচৰৰ কেচ ডায়েৰী চাই উচ্চ ন্যায়ালয়ে তেওঁক পূৰ্ণ পৰ্যায়ৰ জামিন প্ৰদান কৰিলে। গোচৰৰ শুনানিত ন্যায়ালয়ৰ বিচাৰপীঠে গোচৰটোৰ সন্দৰ্ভত দাখিল কৰা কেচ ডায়েৰী চাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো তথ্য নোপোৱা বুলি উল্লেখ কৰে।

ভিক্টৰক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে যি ১৫৩ (এ) ধাৰা আৰোপ কৰিছিল সেই ধাৰা ভিক্টৰৰ গোচৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি দিয়া ভিক্টৰৰ অধিবক্তাৰ যুক্তিত পতিয়ন যায় ন্য়ায়ালয়। ইয়াৰ লগে লগে অসম আৰক্ষী পুনৰ এবাৰ অসম আৰক্ষীয়ে ন্যায়ালয়ৰ মজিয়াত মুখঠেকেচা খালে।

উল্লেখ্য যে টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক চাকৰিৰ নামত চলি থকা বজাৰৰ মুকলি অভিযোগ দিছিল। ইয়াৰ পিছতে ভিক্টৰক পাণ বজাৰ আৰক্ষী থানালৈ মাতি আনি পৰৱৰ্তী সময়ত এক অজ্ঞাত স্থানত তেওঁক সোধাপোছা কৰি দুদিনৰ অন্তত ন্যায়ালয়ত হাজিৰ কৰিছিল আৰু ন্যায়ালয়ে ভিক্টৰক এসপ্তাহৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

guwahati high court victor das dgp assam Assam police