/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5cbaaaff-88ae-4a7b-bcc1-422d2fe21b7a/AP FOR WEB victor das.png)
ডিজিটেল ডেস্কঃ সততে চৰ্চাত থকা শিক্ষক ভিক্টৰ দাসক পুনৰ এবাৰ গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। দদৰা আৰক্ষীয়ে শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰে ভিক্টৰ দাসক। সুৰামত্ত অৱস্থাত অৰ্ধ নগ্ন হৈ পথৰে যোৱা যান-বাহনত আক্ৰমণ কৰাৰ অভিযোগ গ্ৰেুপ্তাৰ কৰা হৈছে ভিক্টৰ দাসক।
ইফালে তদন্তৰ বাবে যোৱা দদৰা আৰক্ষীৰ এগৰাকী বিষয়াকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে দাসৰ বিৰুদ্ধে। উল্লেখ কৰা প্ৰয়োজন যে, ভিক্টৰ দাসৰ বিৰুদ্ধে দদৰা থানাত ৰুজু হৈ থকা ২-৩খন এজাহাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে সদৰি কৰিছে।
বিগত কেইটামান দিনৰ পৰা অসম চৰকাৰকো সামাজিক মাধ্যমযোগে তীব্ৰ কটাক্ষ কৰিছিল ভিক্টৰ দাসে। অসম চৰকাৰে পাতিবলৈ লোৱা নিযুক্তি পৰীক্ষাক লৈও কঠোৰ হৈছিল ভিক্টৰ দাস।