ভণ্ড কবিৰাজৰ কামনাৰ বলি নৱম শ্ৰেণীৰ ছাত্ৰী

অজিত হেমব্ৰম (২৭) নামৰ ভণ্ড কবিৰাজ এজনে কবিৰাজী চিকিৎসাৰ নামত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি নিৰ্যাতিতা ছাত্ৰী গৰাকীৰ অভিভাৱকে ১১ মে তাৰিখে চিদলী থানাত এজাহাৰ দাখিল কৰে।

author-image
Asomiya Pratidin
New Update
ভণ্ড কবিৰাজৰ কামনাৰ বলি নৱম শ্ৰেণীৰ ছাত্ৰী

ভণ্ড কবিৰাজৰ কামনাৰ বলি নৱম শ্ৰেণীৰ ছাত্ৰী

ডিজিটেল সংবাদ,  চিৰাং:  ১০ মে'ত চিদলী থানাৰ অন্তৰ্গত বামুনগাঁও দত্তপুৰ এলেকাত নাবালিকাক যৌন নিৰ্যাতনৰ চলোৱাৰ ঘটনা সংঘটিত হয়। এইবাৰ ভণ্ড কবিৰাজৰ কামনাৰ বলি হল আন এগৰাকী কিশোৰী।

অজিত হেমব্ৰম (২৭) নামৰ ভণ্ড কবিৰাজ এজনে কবিৰাজী চিকিৎসাৰ নামত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি নিৰ্যাতিতা ছাত্ৰী গৰাকীৰ অভিভাৱকে ১১ মে তাৰিখে চিদলী থানাত এজাহাৰ দাখিল কৰে। দাখিল কৰা এজাহাৰৰ ভিত্তিত চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পদ্মপাণি বৰাই অভিযান চলাই বামুনগাঁও-দত্তপুৰ এলেকাৰ পৰা অভিযুক্ত পাষণ্ড অজিত হেমব্ৰমক গ্ৰেপ্তাৰ কৰা তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, ৭ মে'ত দুই যুৱকে চিদলী থানা এলেকাৰ দুগৰাকী নাবালিকা ছাত্ৰীক ফুচুলাই নি ধাবাত যৌন নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছিল। জিলাখনত উদ্বেগজনক ভাবে এটাৰ পিছত আন এটা শিশু বা নাবালিকাক যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ বিষয়টোয়ে অভিভাৱক সমাজৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে।

চিৰাং চিদলী