ফচল বীমাৰ হিতাধিকাৰীৰ পৰা দালালে কাঢ়ি নিলে ধন

নগাঁও জিলাৰ কচুৱাত এগৰাকী ফচল বীমাৰ হিতাধিকাৰীৰ পৰা ধন কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন হৈছে এটা দালাল চক্ৰৰ বিৰুদ্ধে। এই সম্পৰ্কত কচুৱা থানাত এখন এজাহাৰ দাখিল কৰিছে নুৰ বানু খাতুন নামৰ ভুক্তভোগী মহিলা গৰাকীয়ে। 

author-image
Asomiya Pratidin
New Update
dvvcv

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কচুৱাত এগৰাকী ফচল বীমাৰ হিতাধিকাৰীৰ পৰা ধন কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন হৈছে এটা দালাল চক্ৰৰ বিৰুদ্ধে। এই সম্পৰ্কত কচুৱা থানাত এখন এজাহাৰ দাখিল কৰিছে নুৰ বানু খাতুন নামৰ ভুক্তভোগী মহিলা গৰাকীয়ে। 

মহিলা গৰাকীয়ে এজাহাৰ খনত উল্লেখ কৰা অনুসৰি, এচবিআইত থকা তেওঁৰ একাউণ্টত ৯ হাজাৰ ৮০০ টকা ফচলবীমা যোজনাৰ ধন সোমাই। কিন্ত সেই ধন বেংকৰ পৰা আনি ঘৰ পোৱাৰ পিছতে চাহজাহান আৰু মাজেদ খাতুন নামৰ দুজন লোক ঘৰত প্ৰৱেশ কৰি ফচল বীমা যোজনাৰ কাম খিনি কৰি দিয়া বুলি কৈ টকা খিনি  নুৰ বানু খাতুনৰ পৰা জোৰ-জবৰদস্তি লৈ যায়। যাৰবাবে উপায়হীন নুৰ বানু খাতুনে কচুৱা থানাত দুই দালালৰ বিৰুদ্ধে তৰিছে গোচৰ।

নগাঁও