/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6225d810-b8c4-42ba-bead-9b088847ddcb/11.jpg)
ডিজিটেল ডেস্কঃ উপ-ৰাষ্ট্রপতি তথা ৰাজ্যসভাৰ সভাপতি জগদ্বীপ ধনখড়ে দেওবাৰে সংসদভৱন চৌহদত নতুনকৈ নির্মাণ কৰা প্ৰেৰণা স্থল উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিং, সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজুৰ লগতে ৰাজ্যসভা আৰু লোকসভাৰ সদস্যসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/95f241ab-5626-4f4f-8bbe-c943e2a9edf6/GQNANf8WsAAlrzm.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2215c4a0-b1ce-45ca-89f1-4032bf4c317f/GQNN8ahW0AAwRm2.jpg)
বিভিন্ন দেশৰ প্রতিনিধি তথা অন্যান্য দর্শনার্থীসকলে যাতে সংসদভৱন চৌহদৰ একেটা স্থানতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ মহান নেতা আৰু স্বাধীনতা যুঁজাৰুসকলৰ প্রতিমূর্তি দর্শন কৰাৰ লগতে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে তাৰ বাবে এই প্ৰেৰণা স্থল নির্মাণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/62dd8ec9-69aa-4ddf-9ec3-da0ef6975e04/GQNANgxXsAAHXS0.jpg)
তদুপৰি এই মহান ব্যক্তিসকলৰ জীৱন কাহিনী আৰু বাণীসমূহৰ যোগেদি দর্শনার্থীসকলক অনুপ্রাণিত কৰিব পৰাকৈ নতুন প্রযুক্তিৰ জৰিয়তে ব্যৱস্থা গ্রহণৰ বাবে কার্যকৰী আঁচনিও হাতত লোৱা হৈছে। এই প্ৰেৰণা স্থলত সকলো প্রতিমূর্তিৰ চাৰিওকাষে সেউজীয়া ঘাহঁনি আৰু বাগিচা পতা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a506f3bc-3bf4-4424-b5eb-1a4d410a2626/GQNN8TfWcAAgjSR.jpg)
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে সংসদে প্ৰেৰণা স্থলৰ এটা নির্দিষ্ট স্থানত দেশৰ সকলো মহান ব্যক্তি, স্বাধীনতা সংগ্রামী, আধ্যাত্মিক আৰু সাংস্কৃতিক নেতাসকলৰ প্রতিমূর্তি স্থাপন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে।
Also Read: চাৰিদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন, আহত ৬জন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us