পশু চিকিৎসা বিজ্ঞানী ড০ জ্যোতি বুঢ়াগোহাঁই দত্তক 'এছ এন মধুসূদন অৰেচন বঁটা' প্ৰদান

পশু চিকিৎসা বিজ্ঞানী ড০ জ্যোতি বুঢ়াগোহাঁই দত্তক 'এছ এন মধুসূদন অৰেচন বঁটা' প্ৰদান

author-image
Asomiya Pratidin
New Update
পশু চিকিৎসা বিজ্ঞানী ড০ জ্যোতি বুঢ়াগোহাঁই দত্তক 'এছ এন মধুসূদন অৰেচন বঁটা' প্ৰদান

ডিজিটেল সংবাদ, গুৱাহাটী : উত্তৰ-পূৰ্বাঞ্চলত পশু আৰু বন্যপ্ৰাণীৰ জলাতংক ৰোগ নিবাৰণ আৰু জলাতংক বিষয়ক সজাগতা সৃষ্টিৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে ৰাজ্যৰ বিশিষ্ট পশু চিকিৎসা বিজ্ঞানী ড০ জ্যোতি বুঢ়াগোহাঁই দত্তক প্ৰদান কৰা হৈছে এই বৰ্ষৰ ৰাষ্ট্ৰীয় 'এছ এন মধুসূদন অৰেচন বঁটা' ৷ দেশৰ অগ্ৰণী বিজ্ঞান সংস্থা এ পি চি আৰ আই অৰ্থাৎ এছ’চিয়েচন ফৰ প্ৰিভেনচন এণ্ড কণ্ট্ৰ’ল অব্ ৰেবিছ ইন ইণ্ডিয়াই তেঁওক এই বঁটা আগবঢ়ায়।

উল্লেখ্য যে ৩ আৰু ৪ আগষ্টত ভুৱনেশ্বৰত আয়োজন কৰা হৈছিল ‘জলাতংকৰ বিৰুদ্ধে ভাৰতক সবলীকৰণ’(‘Empowering India against rabies’) শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন।বেৰহামপুৰৰ এম কে চি জি মেডিকেল কলেজৰ কমিউনিটী মেডিচিন বিভাগৰ উদ্যোগত এই সন্মিলন আয়োজন কৰা হৈছিল।

সন্মিলনখনিৰ উদ্বোধনী অনুষ্ঠানত ড০ জ্যোতি বুঢ়াগোহাঁই দত্তক আনুষ্ঠানিকভাৱে এই ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰা হয়। বঁটাটি প্ৰদান কৰে ওড়িশাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী মুকেশ মহালিংগই ৷

২০৩০ চনৰ ভিতৰত দেশৰপৰা জলাতংক নিৰ্মূলৰ লক্ষ্যৰে অগ্ৰসৰ হোৱা এ পি চি আৰ আইৰদ্বাৰা আয়োজিত এই ৰাষ্ট্ৰীয় সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক পশু চিকিৎসা বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে ৷ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ড০ জ্যোতি বুঢ়াগোহাঁই দত্ত খানাপাৰাৰ পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়ৰ ভেটেৰিনেৰী এপিডেমিঅ’ল’জী এণ্ড প্ৰিভেণ্টিভ মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা।

ইয়াৰোপৰি এ পি চি আৰ আয়ে বিগত আঢ়ৈ দশকজুৰি পশু চিকিৎসাবিজ্ঞানৰ ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াই আহিছে।

Jyoti Buragohain Dutta Veterinary scientist