/asomiyapratidin/media/media_files/2025/07/10/new-ap-web-3-2025-07-10-22-32-08.png)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ প্ৰবীণ অভিনেতা তথা অৱসৰপ্ৰাপ্ত শিক্ষক মেঘনাথ মুচাহাৰীয়ে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত কোকৰাঝাৰ চহৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ।
বড়ো সাংস্কৃতিক জগতৰ অতি সন্মানীয় ব্যক্তিত্ব আছিল মুচাহাৰী। তেওঁ কেইবাখনো বড়ো ছবিত অভিনয় কৰিছিল। উল্লেখযোগ্য যে, প্ৰথমখন বড়ো ভাষাৰ ছবি “আলয়াৰন”ত তেওঁ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ইফালে পেছাত শিক্ষক মুচাহাৰীয়ে, কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ বিভিন্ন সামাজিক কাম-কাজতো জড়িত হৈ আছিল।
বডো চিনেমা, শিক্ষা আৰু সামাজিক কামত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক স্মৰণ কৰি বিভিন্ন ফালৰ পৰা শ্ৰদ্ধাঞ্জলি ঢালিছে।