/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/m-venkaya-copy.jpg)
ডিজিটেল ডেস্ক: উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নায়ডুৱে স্কুলীয়া শিক্ষা মাতৃভাষাত প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰুপ কৰিছে । ইয়াৰ ওপৰিও ৰাজ্য চৰকাৰ সমূহক "ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০"ৰ উদ্দেশ্য আৰু ভাৱনাৰে সৈতে কাৰ্যকৰী কৰিবৰ বাবে আহ্বান জনায় ।
শুক্ৰবাৰে উৰিয়া লেখিকা ড০ প্ৰতিভা ৰেক ড০ শ্ৰী নাৰায়ণ ৰেড্ডী সাহিত্য বঁটা প্ৰদান অনুষ্ঠান সম্বোধন কৰি উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে তেলেগু সাহিত্যত ড০ শ্ৰী নাৰায়ণ ৰেড্ডীৰ অমূল্য অৱদানৰ বাবে স্মৰণ কৰে । লগতে তেওঁ কয় যে সাহিত্যিক ড০ শ্ৰী নাৰায়ণ ৰেড্ডী ৰাজ্যসভাৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাস কৰি থকাৰ সময়ত মাতৃভাযাত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰুপ কৰিছ্ল ।
উল্লেখ যে, ড০ প্ৰতিভা ৰেক সাহিত্য চৰ্চা কৰাৰ বাবে ২০১১ চনত জ্ঞানপীঠ বঁটা , ২০০৭ চনত পদ্মশ্ৰী বঁটা আৰু ২০২২ চনত পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল ।
আৰু পঢ়ক : গহপুৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ…