ধুবুৰীৰ গৌৰীপুৰত নিষিদ্ধ গো-মাংসসহ বাহন জব্দ...

আৰক্ষীয়ে এএছ ১৭ চি ৬০০৮ নম্বৰৰ বলেৰ’ বাহনখনৰ লগতে প্ৰায় ৫০০ কেজি নিষিদ্ধ গো-মাংস জব্দ কৰে। গো-মাংস খিনি চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ পৰা অনা বুলি সন্দেহ প্ৰকাশ কৰে সচেতন ৰাইজে। ইতিমধ্যে আৰক্ষীয়ে বাহনখন থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ধুবুৰীঃ চৰকাৰে গো-মাংস নিষিদ্ধ ঘোষণা কৰাৰ পিছতো চলি আছে গো-মাংসৰ চোৰাং সৰবৰাহ। নিতৌ গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ন- ন কৌশল অৱলম্বন কৰি গো-মাংস গাড়ীৰে সৰবৰাহ হৈ আছে।

উল্লেখযোগ্য যে শুকুৰবাৰে শাক-পাচলি কঢ়িয়াই অনা বলেৰ' বাহনত বস্তাৰ তলত নিষিদ্ধ গো-মাংস লুকাই অনা অৱস্থাত জব্দ কৰে গৌৰীপুৰ আৰক্ষীয়ে। আৰক্ষীৰ উমান পাই গৌৰীপুৰত বাহন এৰি পলায়ন কৰে চালক জনে। 

অভিযান ধুবুৰী